জুন্দুব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ মৃত্যুৰ পাঁচ দিন পূর্বে এই কথা কওঁতে শুনিছোঁ যে, “তোম...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত থকা তেখেতৰ মৰ্যাদা সম্পৰ্কে সংবাদ দিছে। অৰ্থাৎ তেখেতে মুহাব্বতৰ সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে, য...
আবুল হায়্যাজ আল-আছাদীয়ে কৈছেঃ মোক আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তোমাক সেই অভিযানলৈ নপঠিয়ামনে, যি অভিযানলৈ স্বয়ং নবী চাল্লাল্লাহু আ...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ চাহাবাসকলক এই নিৰ্দেশ প্ৰদান কৰি প্ৰেৰণ কৰিছিল যে, তেওঁলোকে যেন প্ৰতিটো প্ৰতিকৃতিকে ধ্বংস কৰে অস্তিত্বহীন কৰি...
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শ্ৰৱণ কৰিব পৰা বা দৃশ্যমান কোনো বস্তু যেনে- চৰাই-চিৰিকটি, জীৱ-জন্তু, অক্ষম ব্যক্তি, কোনো সংখ্যা অথবা দিন আদিক অশুভ ব...
ইমৰাণ ইবনে হুচাইন ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: সেই ব্যক্তি আমাৰ উম্মতৰ অন্তর্ভুক্ত নহয়, যিয়ে কু-ল...
কিছুমান কৰ্ম সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে সেইবোৰ কৰিব, সি আমাৰ উম্মতৰ অন্তৰ্ভুক্ত নহয়। সেইবোৰ হৈছেঃ প্ৰথমঃ "যিয়ে কু-লক্...
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সংক্ৰামক কোনো বেমাৰ নাই, কোনো বস্তুক অশুভ বুলি ভবাও ঠিক নহয়।...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জাহিলী যুগৰ লোকসকলে বিশ্বাস কৰিছিল যে, বেমাৰ-আজাৰ আল্লাহৰ নিৰ্ধাৰিত তাক্বদীৰ অবিহনেই ইজনৰ পৰা স...

জুন্দুব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ মৃত্যুৰ পাঁচ দিন পূর্বে এই কথা কওঁতে শুনিছোঁ যে, “তোমালোকৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰাৰ পৰা মই আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে মুক্ত ঘোষণা কৰিলোঁ। কিয়নো আল্লাহ তাআলাই মোক খলীল হিচাপে গ্রহণ কৰিছে। যিদৰে তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্রহণ কৰিছিল। আৰু যদি মই মোৰ উম্মতৰ মাজৰ পৰা কাৰোবাক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন তেন্তে নিশ্চয় আবু বকৰক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন। সাৱধান, তোমালোকৰ পূর্বৱর্তী উম্মতবোৰে তেওঁলোকৰ নবীসকলৰ কবৰক মছজিদত পৰিণত কৰিছিল। সাৱধান, তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা। মই তোমালোকক এই কাম কৰিবলৈ বাৰে বাৰে নিষেধ কৰোঁ।”

আবুল হায়্যাজ আল-আছাদীয়ে কৈছেঃ মোক আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তোমাক সেই অভিযানলৈ নপঠিয়ামনে, যি অভিযানলৈ স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? তেখেতে মোক আদেশ দিছিল যে, তুমি য'তে কোনো প্ৰতিমা দেখিবা সেইটোক নিঃশেষ কৰিবা, আৰু য'তেই কোনো ওখ কবৰ দেখা পাবা, সেইটোক সমতল ভূমিত পৰিণত কৰিবা।

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে।

ইমৰাণ ইবনে হুচাইন ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: সেই ব্যক্তি আমাৰ উম্মতৰ অন্তর্ভুক্ত নহয়, যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয় অথবা যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয় অথবা যিয়ে যাদু কৰে বা যাৰ হৈ যাদু কৰা হয়, আৰু যিয়ে (মন্ত্ৰ পঢ়ি) গাঁঠিত ফুঁ দিয়ে। (জানি থোৱা!) যি ব্যক্তিয়ে কোনো ভৱিষ্যৎ গণনাকাৰীৰ ওচৰলৈ আহে আৰু সি যি কয় তাক বিশ্বাস কৰে, সেই ব্যক্তি দৰাচলতে মুহাম্মদৰ ওপৰত অৱতীর্ণ হোৱা কোৰআনক অস্বীকাৰ কৰে।

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সংক্ৰামক কোনো বেমাৰ নাই, কোনো বস্তুক অশুভ বুলি ভবাও ঠিক নহয়। ফা'ল হৈছে মোৰ প্ৰিয়।" বৰ্ণনাকাৰীয়ে কৈছে, প্ৰশ্ন কৰা হ'লঃ ফা'ল কি? তেখেতে ক'লেঃ "উত্তম অৰ্থবোধক কথা।"

ঝায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ৰাতি বৰষুণ হোৱাৰ পাছত হুদাইবিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাকলৈ ফজৰৰ চালাত আদায় কৰিলে। তেখেতে চালাত শেষ কৰি লোকসকলৰ ফালে মুখ কৰি বহিলে আৰু ক'লেঃ তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।" এতেকে যিজন বান্দাই কৈছে যে, আল্লাহে তেওঁৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ দিছে, তেওঁ হৈছে মোৰ প্ৰতি বিশ্বাসী আৰু নক্ষত্ৰৰাজিৰ শক্তিক অস্বীকাৰকাৰী। আনহাতে যিয়ে কৈছে, অমুক অমুক নক্ষত্ৰৰ কাৰণে আজি বৰষুণ হৈছে, সেইজন হৈছে মোক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰাজিৰ প্ৰতি বিশ্বাসী।

উকবা বিন আমিৰ আল-জুহানী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা সঁজাতি দল আহিল, তেখেতে সিহঁতৰ মাজৰ ৯ জনৰ বাইআত গ্ৰহণ কৰিলে আৰু এজনৰ নকৰিলে। এই দেখি তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! ন জনৰ পৰা আপুনি বাইআত গ্ৰহণ কৰিলে কিন্তু ইয়াক বাদ ৰাখিলে কিয়, তেখেতে ক'লেঃ "ই তাবিজ বান্ধি ৰাখিছে।" ইয়াৰ পিছত তেওঁ নিজ হাতেৰে সেয়া খুলি পেলালে আৰু তাৰ পিছত তেখেতে বাইআত গ্ৰহণ কৰিলে, আৰু ক'লেঃ "যিয়ে তাবিজ পিন্ধে সি শ্বিৰ্ক কৰে।"

আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছে: মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি সকলো হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ "যি ব্যক্তিয়ে গণকৰ ওচৰলৈ গৈ তাক কিবাকিবি সোধে আৰু সেই গণকৰ কথাক বিশ্বাস কৰে। চল্লিশ দিনলৈ সেই ব্যক্তিৰ চালাত (নামাজ) কবুল নহয়।"

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ এজন ব্যক্তিক এইদৰে কোৱা শুনিলে যে, কা'বাৰ শপত। তৎক্ষণাত ইবনে ওমৰে ক'লেঃ আল্লাহৰ বাহিৰে আন কাৰো শপত খোৱা উচিত নহয়। কিয়নো মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।

বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।"

আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ কিছুমান আশ্বআৰী লোকৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা বাহন বিচাৰি আহিলোঁ। তেখেতে ক'লেঃ "আল্লাহৰ শপত! মই তোমালোকক বাহন দিব নোৱাৰিম। কাৰণ, তোমালোকক বাহন হিচাপে দিবলৈ মোৰ ওচৰত একো নাই।" ইয়াৰ পিছত আল্লাহৰ ইচ্ছা অনুসৰি আমি কিছু সময় তাত অপেক্ষা কৰিলোঁ। ঠিক সেই সময়তে তেখেতৰ ওচৰলৈ কেইটামান উট অনা হ'ল। তেতিয়া তেখেতে আমাক তিনিটা উট দিবলৈ নিৰ্দেশ দিলে। আমি যেতিয়া উভতি আহিলোঁ তেতিয়া আমাৰ মাজৰ কিছুমানে পৰস্পৰে আলোচনা কৰি আছিল যে, আল্লাহে হয়তো আমাক বৰকত দান নকৰিব। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক বাহন দিব নোৱাৰিব বুলি শপত খাইছিল। ইয়াৰ পিছতো তেখেতে আমাক বাহন দিলে। আবূ মূছাই কৈছেঃ আমি আকৌ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ ঘূৰি আহিলোঁ আৰু এই বিষয়টো উল্লেখ কৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই তোমালোকক বাহন দিয়া নাই; বৰং আল্লাহে তোমালোকৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে। আল্লাহৰ শপত! -ইন শ্বা আল্লাহ- মই যেতিয়া কোনো বিষয়ত শপত খাওঁ, কিন্তু যদি ইয়াৰ বিপৰীত বিষয়টোত মঙ্গল দেখা পাওঁ, তেতিয়া মই শপতৰ কাফফাৰা আদায় কৰি দিওঁ, লগতে যিটো কল্যাণকৰ সেইটোৱে বাস্তৱায়িত কৰোঁ।"