- আল্লাহৰ ওপৰত ভৰসা কৰিব লাগে। কাৰণ কেৱল আল্লাহেই কল্যাণ প্ৰদান কৰে। তেওঁৰ বাহিৰে কোনেও অনিষ্টতা দূৰ কৰিব নোৱাৰে।
- শুভ-অশুভ লক্ষণ বিশ্বাস কৰিবলৈ নিষেধ কৰিছে, অৰ্থাৎ এনেকুৱা অন্ধ বিশ্বাস পোষণ কৰিবলৈ নিষেধ কৰিছে যিটোৰ ওপৰত নিৰ্ভৰ কৰি মানুহে কামটো ভাল হ'বনে বেয়া হ'ব ফলাফল উলিয়ায়।
- ফা'লটো নিষিদ্ধ তিয়াৰাৰ অন্তৰ্ভুক্ত নহয়। বৰং এইটো হৈছে আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰা।
- আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰ অনুপাতেই সকলো বস্তু সংঘটিত হয়। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই।