- গণকগিৰি কৰা আৰু গণকৰ ওচৰলৈ যোৱা তথা অদৃশ্য সম্পৰ্কে সোধ-পোচ কৰা আদি হাৰাম।
- কেতিয়াবা কেতিয়াবা গুনাহৰ কৰ্মৰ ফলত শাস্তি হিচাপে মানুহে সৎকৰ্মৰ ছোৱাবৰ পৰা বঞ্চিত হয়।
- গ্ৰহ-নক্ষত্ৰক কেন্দ্ৰ কৰি কোৱা কথা, বাটি-পিয়লা আদি চালান কৰা, ৰাশিফল বিশ্বাস কৰা আদি সকলো এই হাদীছৰ অন্তৰ্ভুক্ত। আনকি জনাৰ উদ্দেশ্যেও এইবোৰ কৰা হাৰাম। কাৰণ এই সকলোবোৰ হৈছে জ্যোতিষি বিদ্যাৰ অন্তৰ্ভুক্ত আৰু সেইসকল লোকৰ কৰ্ম, যিসকলে গায়েব জানে বুলি দাবী কৰে।
- হাদীছটোত উল্লেখিত শাস্তিটোৰ বিষয়ে চিন্তা কৰকচোন, কেৱল গণকৰ ওচৰলৈ গ'লেই যদি এই শাস্তি হয় তেন্তে স্বয়ং গণকৰ কি শাস্তি হ'ব পাৰে?
- চল্লিছ দিনৰ নামাজ আদায় হ'ব কিন্তু কেৱল ছোৱাবৰ পৰা বঞ্চিত হ'ব। কিন্তু যদি কোনোবাই ছোৱাব নাপাব বুলি নামাজটোকেই পৰিত্যাগ কৰে তেন্তে সি আন এটা গুনাহত লিপ্ত হ'ব।