আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফ...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই গুৰুত্বপূৰ্ণ দুআটো বেছি বেছি পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাব...
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদি...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলেঃ . তোমালোকে বিচৰানে যে, মই তোমালোকক এনেকুৱা আমল সম্পৰ্কে সংবাদ দিওঁ তথা এনেকুৱা এটা বিষয় শিকাওঁ...
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কাম সম্পৰ্কে অৱগত কৰক, যিটোৱে মোক জান্নাতত...
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এবাৰ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ, এদিনাখন পুৱাৰ ভাগত আমি গৈ থকা অৱস্থাতে মই তেখেতৰ ওচ...
আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা না...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নিয়ম আছিল যে, তেখেতে শুবলৈ যেতিয়া বিছনাত আহিছিল তেতিয়া তেখেতে ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়...
শ্বাদ্দাদ বিন আউছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ছাইয়্যেদুল ইস্তিগফাৰ হৈছে, এইদৰে কোৱাঃ "আল্লাহুম্মা আনতা ৰা...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ইস্তিগফাৰৰ কেইবাটাও বাক্য আছে, তাৰে উত্তম আৰু মহান বাক্য হৈছে, এইদৰে কোৱাঃ আল্লা-হুম্মা আনতা ৰাব্বী, লা ই...

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" অৰ্থঃ ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ আৰু তোমালোকৰ মৰ্যাদা উন্নীত কৰিব। এনেকুৱা আমল যিটো সোণ-ৰূপ দান কৰাতকৈও উত্তম আৰু সেই যুদ্ধতকৈও উত্তম যি যুদ্ধত তোমালোকে শত্ৰুসকলক হত্যা কৰা আৰু সিহঁতে তোমালোকক শ্বহীদ কৰে?" চাহাবাসকলে ক'লেঃ নিশ্চয় জনাওক। তেখেতে ক'লেঃ সেয়া হৈছে, "মহান আল্লাহক স্মৰণ কৰা (অৰ্থাৎ জিকৰ-আজকাৰ কৰা)।"

মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কাম সম্পৰ্কে অৱগত কৰক, যিটোৱে মোক জান্নাতত লৈ যাব আৰু জাহান্নামৰ পৰা আঁতৰত ৰাখিব। তেখেতে ক’লে: তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে। তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত আনক অংশীদাৰ নকৰিবা, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ ছওম পালন কৰা আৰু (কা'বা) ঘৰৰ হজ্জ কৰা। তাৰ পিছত তেখেতে ক’লে: মই তোমালোকক কল্যাণৰ দুৱাৰ নেদেখুৱামনে? ছওম হৈছে ঢাল, ছাদাকাই গুনাহক নিঃশেষ কৰি দিয়ে, যেনেকৈ পানীয়ে জুইক নুমাই দিয়ে; লগতে মানুহৰ গভীৰ ৰাতিত ছালাত আদায় কৰাও ইয়াৰেই অন্তৰ্ভুক্ত। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: تتجافي جنوبهم عن المضاجع পৰা يعلمون লৈকে। অৰ্থ: তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে, তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপে! [ছুৰা আচ-ছাজদাহ: ১৬-১৭] তেখেতে আকৌ ক’লে: মই তোমাক কৰ্মৰ মূল আৰু ইয়াৰ স্তম্ভ লগতে ইয়াৰ সৰ্বোচ্চ শিখৰ সম্পৰ্কে নজনামনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে জনাওক। তেখেতে ক’লে: কৰ্মৰ মূল হৈছে ইছলাম, ইয়াৰ স্তম্ভ হৈছে ছালাত আৰু ইয়াৰ সৰ্বোচ্চ শিখৰ হৈছে জিহাদ। তাৰ পিছত তেখেতে ক’লে: মই তোমাক এইবোৰ আয়ত্তত ৰখাৰ উপায় নকমনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে কওক। তেখেতে নিজৰ জিভাক ধৰি ক’লে: ইয়াক সংযত ৰাখিবা। মই সুধিলোঁ: হে আল্লাহৰ নবী! আমি যি কওঁ তাৰ হিচাপ হ’ব নেকি? তেখেতে ক’লে: তোমাৰ মাকে তোমাক হেৰুৱাওক, হে মু'আজ! জিভাৰ উৎপন্ন ফচলৰ বাহিৰে আন কিবা এনেকুৱা আছে নেকি যিটোৱে মানুহক মুখ চুঁচৰি জাহান্নামৰ জুইত নিক্ষেপ কৰে?

আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।

শ্বাদ্দাদ বিন আউছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ছাইয়্যেদুল ইস্তিগফাৰ হৈছে, এইদৰে কোৱাঃ "আল্লাহুম্মা আনতা ৰাব্বী লা ইলাহা ইল্লা আনতা, খালাকতানী ওৱা আনা আব্দুক, ওৱা আনা আলা আহদিক, ওৱা অ'দিকা মাস্তা'ত্বতু, আউজুবিকা মিন শ্বাৰ্ৰি মা চানা'তু, আবুউ লাকা বিনি'মাতিকা আলাইয়্য়া, ৱা আবুউ লাকা বিজান্বী ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ্জুনূবা ইল্লা আনতা।" তেওঁ কৈছেঃ "যিয়ে ইয়াৰ প্ৰতি বিশ্বাস কৰি দিনত এইটো পাঠ কৰিব, সন্ধিয়া হোৱাৰ আগতেই যদি সি মৃত্যুবৰণ কৰে, তেন্তে সি হ'ব জান্নাতৰ অধিবাসী। আনহাতে যদি ইয়াৰ ওপৰত বিশ্বাস কৰি ৰাতিত পাঠ কৰে তেন্তে প্ৰভাত হোৱাৰ আগতে যদি সি মৃত্যুবৰণ কৰে তেন্তে সি জান্নাতৰ অধিবাসী।"

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷ অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম। আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷ অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।

আবান বিন উছমানে কৈছে, মই উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শুনিছোঁ, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত তিনিবাৰ পাঠ কৰিব, তাক সন্ধিয়ালৈকে কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।" বৰ্ণনাকাৰীয়ে কৈছেঃ আবান বিন উছমানৰ পক্ষাঘাত (paralysis) হোৱাত, তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। তেতিয়া আবানে তেওঁক ক'লেঃ তোমাৰ কি হৈছে, তুমি কিয় এনেকৈ মোৰ ফালে চাই আছা? শুনা! আল্লাহৰ শপত, মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই, আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাতগ্ৰস্ত হৈছোঁ, সেইদিনা মই ক্ৰোধৰ বশৱৰ্তী হৈ এই দুআটো পাঠ কৰিবলৈ পাহৰি গৈছিলোঁ।

আব্দুল্লাহ বিন খুবাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত আমাৰ বাবে দুআ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি ওলালোঁ। অৱশেষত তেখেতক বিচাৰি পালোঁ। তেখেতে ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে আকৌ ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে পুনৰ ক'লেঃ 'কোৱা', তেতিয়া মই ক'লোঁ, কি কম? তেখেতে ক'লেঃ "{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।"

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ ৰাতিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিছনাত নাপালোঁ। মই তেখেতক বিচাৰিবলৈ ধৰিলোঁ, হঠাৎ মোৰ হাতে তেখেতৰ দুয়ো ভৰিৰ তালুত স্পৰ্শ কৰিলে। তেখেত ছাজদাহ অৱস্থাত আছিল আৰু তেখেতৰ দুয়ো ভৰিৰ পতা থিয় কৰোৱা আছিল। লগতে তেখেতে এই দুআ পাঠ কৰি আছিলঃ "আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ অসন্তুষ্টিৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্ৰয় বিচাৰোঁ। তোমাৰ শাস্তিৰ পৰা তোমাৰ শান্তি আৰু স্বস্তিৰ আশ্ৰয় বিচাৰোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। তোমাৰ প্ৰশংসা হিচাপ কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। তুমি সেইদৰেই প্ৰশংসাৰ যোগ্য যিদৰে তুমি তোমাৰ নিজৰ প্ৰশংসা কৰিছা।

ছামুৰা বিন জুনদুব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ‘লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ’ (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, ৰাজত্ব তেওঁৰেই, প্রশংসাও তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান) দৈনিক দশবাৰ পাঠ কৰিব, সেই ব্যক্তিয়ে ইছমা‘ঈলৰ বংশধৰসকলৰ চাৰিজন দাস মুক্ত কৰাৰ সমান ছোৱাব লাভ কৰিব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “দুটা বাক্য দয়াময় আল্লাহৰ খুবেই প্ৰিয়, সেই দুটা উচ্চাৰণ কৰিবলৈও খুবেই সহজ, তুলাচনীত হ'ব অতি গধূৰ।সেয়া হৈছে: سُبْحَانَ اللَّهِ وَبِحَمْدِهِ سُبْحَانَ اللَّهِ الْعَظِيمِ ছুবহা-নাল্লাহি অবিহামদিহি, ছুবাহা-নাল্লাহিল আজীম। (মহান আল্লাহ অতি পৱিত্ৰ, প্ৰশংসা একমাত্ৰ তেওঁৰেই। আল্লাহ অতি পৱিত্ৰ, তেওঁ অত্যন্ত মহান।।”