- এইবোৰ দুআ ছাজদাত পাঠ কৰা মুস্তাহাব।
- মীৰাকে কৈছেঃ নাছায়ীৰ এটা বৰ্ণনাত আছে যে, তেখেতে এই দুআটো নামাজৰ পৰা ফাৰিগ হৈ বিছনাত শুই পঢ়িছিল।
- মহান আল্লাহৰ চিফাতৰ জৰিয়তে তেওঁৰ প্ৰশংসা কৰা আৰু কোৰআন হাদীছৰ দ্বাৰা প্ৰমাণিত নামেৰে দুআ কৰা মুস্তাহাব।
- ৰুকু আৰু ছাজদাত সৃষ্টিকৰ্তাৰ মহত্ব বৰ্ণনা কৰা হয়।
- মহান আল্লাহৰ চিফাতৰ জৰিয়তে আশ্ৰয় প্ৰাৰ্থনা কৰা বৈধ। যিদৰে তেওঁৰ সত্ত্বাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা হয়।
- খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ এই কথাটোৰ এটা সুক্ষ্ম অৰ্থ আছে। ইয়াত আল্লাহৰ ওচৰত এই বুলি দুআ কৰা হৈছে যে, তেওঁ যেন তেওঁৰ সন্তুষ্টিৰ দ্বাৰা তেওঁৰ অসন্তুষ্টিৰ পৰা ৰক্ষা কৰে। এইদৰে তেওঁৰ ক্ষমাৰ জৰিয়তে যেন তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰে। সন্তুষ্টি আৰু অসন্তুষ্টি হৈছে এটা আনটোৰ বিপৰীত। এইদৰে ক্ষমা আৰু শাস্তিও হৈছে এটা আনটোৰ বিপৰীত। এতেকে যেতিয়া সেই সত্ত্বাৰ কথা উল্লেখ কৰা হৈছে, যাৰ কোনো প্ৰতিদ্বন্দীয়ে নাই, অৰ্থাৎ আল্লাহৰ নাম, সেয়ে কেৱল তেওঁৰ ওচৰতেই আশ্ৰয় প্ৰাৰ্থনা কৰা হৈছে। ইয়াৰ দ্বাৰা এইটো বুজায় যে, তেওঁৰ ইবাদত পালনত হোৱা ত্ৰুটিবোৰ যেন তেওঁ ক্ষমা কৰি দিয়ে। লগতে যিদৰে তেওঁৰ প্ৰশংসা কৰিব লাগে সেইটো সেইদৰে পালন কৰিব নোৱাৰাৰ অপাৰগতা স্বীকাৰ কৰি কোৱা হৈছে যে, মই কদাপিও তোমাৰ পৰিপূৰ্ণ প্ৰশংসা কৰিব নোৱাৰোঁ।