- প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে সদায় আল্লাহৰ জিকৰ-আজকাৰ কৰাটো হৈছে নৈকট্য লাভ কৰাৰ ডাঙৰ উপায়। এইটো আল্লাহৰ ওচৰত বৰ উপকাৰী।
- সকলো প্ৰকাৰ আমলৰ মূল উদ্দেশ্য হৈছে আল্লাহৰ জিকৰ-আজকাৰ। যেনে- মহান আল্লাহে কৈছেঃ (وَأَقِمِ الصَّلَاةَ لِذِكْرِي) আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা। এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তাৱাফ, চাফা আৰু মাৰৱাৰ মাজত ছাঈ, জামাৰাতত শিলগুটি দলিওৱা আদিৰ উদ্দেশ্য হৈছে আল্লাহৰ জিকৰ-আজকাৰ প্ৰতিষ্ঠা কৰা। (হাদীছটো আবু দাঊদ আৰু তিৰমিজীত আছে)
- ঈঝ বিন আব্দুচ্ছালামে তেওঁৰ কাৱাঈদ গ্ৰন্থত কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, সকলো প্ৰকাৰ ইবাদততে কষ্ট অনুযায়ী ছোৱাব প্ৰদান কৰা নহয়, বৰং আল্লাহে কেতিয়াবা সৰু সৰু আমলৰ বিনিময়তো ডাঙৰ ছোৱাব প্ৰদান কৰে। গতিকে ছোৱাব প্ৰদান কৰা হয় আমলৰ মৰ্যাদা অনুসৰি।
- মুনাৱী ৰাহিমাহুল্লাহে ফাইজুল ক্বাদীৰ গ্ৰন্থত কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, ইয়াৰ দ্বাৰা যিসকলক সম্বোধন কৰা হৈছে তেওঁলোকৰ বাবে জিকৰ-আজকাৰ অতিকৈ গুৰুত্বপূৰ্ণ। যদি ইয়াৰ দ্বাৰা কোনো বাহাদুৰ ব্যক্তিক সম্বোধন কৰা হয়, যাৰ দ্বাৰা যুদ্ধত ইছলামৰ উপকাৰ হয়, তেন্তে তাক এই আমলৰ সৈতে জিহাদ অব্যাহত ৰাখিবলৈ কোৱা হ'ব। অথবা যদি কোনো ঐশ্বৰ্যশীল ব্যক্তিক সম্বোধন কৰা হয়, যাৰ সম্পদৰ দ্বাৰা দৰিদ্ৰ দুখীয়াই উপকৃত হয় তেন্তে তাক এই আমলৰ সৈতে চাদাক্বাহ অব্যাহত ৰাখিবলৈ কোৱা হ'ব। এইদৰে হজ্জৰ বাবে সক্ষম ব্যক্তিক হজ্জ কৰিবলৈ কোৱা হ'ব আৰু পিতৃ-মাতৃ থকা ব্যক্তিক তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ কোৱা হ'ব। ইয়াৰ দ্বাৰা তেওঁ এইবোৰ কামত তাওফীক্ব অৰ্জন কৰিব।
- পৰিপূৰ্ণ জিকৰ হৈছে সেইটো, যিটো আন্তৰিকভাৱে চিন্তা-চৰ্চাৰ লগতে মৌখিকভাৱে উচ্চাৰণ কৰা হয়। ইয়াৰ পিছত হৈছে সেইটো যিটো কেৱল আন্তৰিকভাৱে চিন্তা-চৰ্চা কৰা হয়। ইয়াৰ পিছত সেইটো যিটো কেৱল মৌখিকভাৱে উচ্চাৰণ কৰা হয়। প্ৰতিটোতে ইন শ্বা আল্লাহ ছোৱাব পোৱা যাব।
- প্ৰতিজন মুছলিমে অৱস্থাৰ সৈতে জড়িত দুআসমূহ নিয়মিত পাঠ কৰা উচিত। উদাহৰণস্বৰূপে- পুৱা গধূলিৰ দুআসমূহ। মছজিদত, ঘৰত আৰু শৌচালয় আদিত প্ৰৱেশ কৰাৰ দুআ, আৰু এইবোৰৰ পৰা ওলোৱাৰ দুআ। ইয়াৰ ফলত বান্দাক সেইসকল লোকৰ অন্তৰ্ভুক্ত কৰা হ'ব, যিসকলে আল্লাহক বেছি বেছি স্মৰণ কৰে।