- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি এই দুআ পুৱা গধূলি পাঠ কৰাটো মুস্তাহাব।
- সকলো সময়তে আৰু সকলো অৱস্থাতে বান্দা নিজ প্ৰতিপালকৰ মুখাপেক্ষী।
- পুৱাৰ ভাগত জিকৰ-আজকাৰ পাঠ কৰা উত্তম। ফজৰৰ পৰা সূৰ্যোদয় হোৱাৰ আগমূহুৰ্তলৈকে তথা দিনৰ প্ৰথম ভাগত। এইদৰে আচৰৰ পিছৰ পৰা সূৰ্য্য অস্ত যোৱাৰ আগমূহুৰ্তলৈকে। কিন্তু যদি কোনোবাই ইয়াৰ পিছত পঢ়ে, অৰ্থাৎ পুৱাৰ ভাগত সূৰ্য্য উদয় হোৱাৰ পিছত পঢ়ে, অথবা জোহৰৰ পিছত পঢ়ে, নাইবা মাগৰিবৰ পিছত পঢ়ে তথাপিও কোনো অসুবিধা নাই। এইবোৰ সময়তো পঢ়িব পাৰি।
- পুৱাৰ ভাগত "وإليك النُّشور" (পুনৰুত্থিত হৈ তোমাৰ ফালেই উভতি যাম) এই কথা কোৱাৰ অৰ্থ হৈছে, পুনৰুত্থান আৰু মৃত্যুৰ পিছত কিয়ামতৰ দিনা হ'বলগীয়া ডাঙৰ পুনৰুত্থানক স্মৰণ কৰা। যিহেতু টোপনিৰ পৰা উঠি এটা নতুন জীৱন আৰু এটা নতুন দিন লাভ কৰা হয়, য'ত প্ৰাণ ওভতাই দিয়া হয়, আৰু মানুহে বিভিন্ন কামত ওলাই পৰে, আৰু এনেকুৱা এটা দিনত ভৰি দিয়ে যিটোক আল্লাহে সৃষ্টি কৰিছে, যাতে মানুহৰ বাবে এইটো এটা সাক্ষী হ'ব পাৰে। লগতে ইয়াৰ সময় আৰু প্ৰতিটো ক্ষণ হৈছে আমাৰ আমলৰ বাবে একো একোটা ধন-ভাণ্ডাৰ।
- সন্ধিয়াৰ সময়ত "وإليك المصير" কোৱাৰ অৰ্থ হৈছে, এই সময়ত মানুহে কৰ্মক্ষেত্ৰৰ পৰা নিজৰ ঘৰলৈ উভতি আহে, গোটেই দিনটোৰ পৰিশ্ৰমৰ পিছত বিশ্ৰাম লয়। সেয়ে এইটোৱে তাক আল্লাহৰ ওচৰলৈ হ'বলগীয়া প্ৰত্যাৱৰ্তনৰ কথা স্মৰণ কৰায়, লগতে আখিৰাতত পাবলগীয়া পৰিণামৰ কথা মনত পেলাই দিয়ে।