- পুৱা-গধূলি এই দুআটো পাঠ কৰা মুস্তাহাব। যাতে আল্লাহৰ ইচ্ছাত আকস্মিক বিপদ-আপদ তথা মুচিবতৰ পৰা সুৰক্ষিত থাকিব পৰা যায়।
- পূৰ্বৱৰ্তী ছালাফসকলে আল্লাহৰ ওপৰত পূৰ্ণ য়াকীন পোষণ কৰিছিল তথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিয়া সংবাদক মনে প্ৰাণে বিশ্বাস কৰিছিল।
- পুৱা-গধূলি নিয়মিত জিকৰ-আজকাৰ পাঠ কৰাৰ অন্যতম এটা উপকাৰ হৈছে এই যে, ইয়াৰ ফলত মুছলিম ব্যক্তি অৱহেলা অমনোযোগিতাৰ পৰা আঁতৰি থাকে, লগতে সদায় এই কথা মনত থাকে যে, সি হৈছে আল্লাহৰ এজন বান্দা।
- জিকৰ-আজকাৰকাৰীৰ ঈমান, বিনম্ৰতা, য়াকীন আৰু ইখলাচ যি অনুপাতে থাকে, সেই অনুপাতেই জিকৰ-আজকাৰৰ প্ৰভাৱ পৰে।