ব্যাখ্যা
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এবাৰ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ, এদিনাখন পুৱাৰ ভাগত আমি গৈ থকা অৱস্থাতে মই তেখেতৰ ওচৰলৈ আহি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটা আমল শিকাই দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিম, আৰু জাহান্নামৰ পৰা ৰক্ষা পাম। তেখেতে ক'লেঃ তুমি মোক এনেকুৱা এটা ডাঙৰ আমল সম্পৰ্কে সুধিছা, যিটো কৰা নফচৰ বাবে বৰ কঠিন। কিন্তু আল্লাহে যাৰ বাবে সহজ কৰি দিয়ে, তাৰ বাবে সহজ। ইছলামৰ বাধ্যতামূলক ফৰজবোৰ পালন কৰা।
প্ৰথমঃ একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা।
দ্বিতীয়ঃ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ প্ৰতিষ্ঠা কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা।
তৃতীয়ঃ ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে।
চতুৰ্থঃ ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা।
পঞ্চমঃ সৰ্বশক্তিমান আল্লাহৰ ইবাদত কৰিবলৈ, হজ্জৰ যাৱতীয় বিধান পালন কৰাৰ উদ্দেশ্যে মক্কালৈ গমন কৰা।
ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক এনেকুৱা পথৰ সন্ধান নিদিমনে? যিটো কল্যাণৰ দুৱাৰ খুলি দিব, সেয়া হৈছে, ফৰজৰ লগতে নফলসমূহ পালন কৰা।
প্ৰথমঃ নফল ৰোজা ৰখা। এইটো হৈছে গুনাহত লিপ্ত হোৱাৰ পৰা বাধা প্ৰদানকাৰী প্ৰাচীৰ। ইয়াৰ ফলত প্ৰবৃত্তিৰ কামনা-বাসনা দমন হয়। প্ৰতিৰোধ শক্তি বৃদ্ধি পায়।
দ্বিতীয়ঃ নফল চাদাক্বাহ কৰা। ইয়াৰ ফলত গুনাহ মোচন হয় আৰু ইয়াৰ প্ৰভাৱ দূৰ হয়।
তৃতীয়ঃ ৰাতিৰ শেষ তৃতীয়াংশত তাহাজ্জুদ আদায় কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত তিলাৱত কৰিলেঃ {تتجافى جنوبهم} তেওঁলোকে নিজৰ শৰীৰক আঁতৰত ৰাখে। {عن المضاجع} বিছনাৰ পৰা। {يدعون ربهم} তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰে, নামাজ, জিকৰ-আজকাৰ, তিলাৱত আৰু দুআৰ জৰিয়তে। {خوفا وطمعا ومما رزقناهم ينفقون، فلا تعلم نفس ما أخفي لهم من قرة أعين} ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে! অৰ্থাৎ জান্নাত কি কি নিয়ামত ৰখা হৈছে। {جزاء بما كانوا يعملون} এইবোৰ হৈছে তেওঁলোকৰ আমলৰ প্ৰতিফল।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক দ্বীনৰ মূল বিষয় সম্পৰ্কে অৱগত কৰামনে? আৰু সেই খুঁটা সম্পৰ্কে যিটোৰ ওপৰত ই নিৰ্ভৰ কৰে? তথা ইয়াৰ উচ্চ শৃংগ সম্পৰ্কে?
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নিশ্চয়, হে আল্লাহৰ ৰাছুল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ইছলামৰ মূল বিষয় হৈছে শ্বাহাদাতাইন (দুটা সাক্ষ্য)। এই দুটাই হৈছে মানুহৰ ধৰ্মৰ মূল। ইয়াৰ খুঁটা হৈছেঃ নামাজ। নামাজ অবিহনে কোনেও মুছলিম হ'ব নোৱাৰে। যিদৰে খুঁটা নোহোৱাকৈ ঘৰ টিকি থাকিব নোৱাৰে। এতেকে যিয়ে নামাজ পঢ়ে তেওঁ নিজৰ দ্বীন শক্তিশালী কৰে আৰু সুউচ্চ কৰে। এইদৰে ধৰ্মৰ উচ্চ শৃংগ হৈছে জিহাদ। আল্লাহৰ কলিমা সুউচ্চ ৰাখিবলৈ ধৰ্মৰ শত্ৰুসকলৰ সৈতে সৰ্বতো প্ৰকাৰে সংগ্ৰাম কৰা।
ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মই তোমাক উপৰোক্ত বিধানবোৰ মজবুতকৈ আয়ত্তত ৰখাৰ উপায় দিমনে? ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জিভাক ধৰি ক'লে, ইয়াক নিয়ন্ত্ৰণত ৰাখিবা, অলাগতিয়াল অপ্ৰয়োজনীয় কোনো কথা নক'বা। মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি কোৱা প্ৰতিটো কথাৰেই মহান আল্লাহে হিচাপ-নিকাচ ল'ব নেকি তথা শাস্তি বিহিব নেকি?
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমাৰ মাকে তোমাক হেৰুৱাওক। এইটো কোনো বদ্দুআ নহয়। দৰাচলতে এইটো হৈছে আৰবীয়ানসকলৰ এটা বাকধাৰা, কোনো এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে অৱগত কৰাবলৈ তেওঁলোকে এনেকুৱা প্ৰবাদ বাক্য ব্যৱহাৰ কৰে। ইয়াৰ পিছত তেখেতে কৈছেঃ তুমি নাজানানে যে, জিভাৰ ফচলৰ কাৰণেই মানুহক নাক চুঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ'ব, কুফৰী কৰাৰ কাৰণে, অপবাদ, গালি শপনি, গীবত তথা সমালোচনা, চুগলি আৰু মিছা অভিযোগৰ কাৰণে।