মূল পৃষ্ঠা
আমি কোন
as
العربية - عربي
English - إنجليزي
español - إسباني
português - برتغالي
Kiswahili - سواحيلي
Français - فرنسي
Русский - روسي
اردو - أردو
italiano - إيطالي
Türkçe - تركي
አማርኛ - أمهري
ไทย - تايلندي
සිංහල - سنهالي
Wikang Tagalog - فلبيني تجالوج
Tiếng Việt - فيتنامي
नेपाली - نيبالي
Hausa - هوسا
Wollof - ولوف
বাংলা - بنغالي
ئۇيغۇرچە - أيغوري
অসমীয়া - آسامي
فارسی - فارسي
فارسی دری - دري
azərbaycanca - أذري
Ўзбек - أوزبكي
Deutsch - ألماني
Shqip - ألباني
فلبيني مرناو - فلبيني مرناو
български - بلغاري
ဗမာ - بورمي
bosanski - بوسني
polski - بولندي
தமிழ் - تاميلي
татар теле - تتاري
română - روماني
svenska - سويدي
нохчийн мотт - شيشاني
Soomaali - صومالي
тоҷикӣ - طاجيكي
Pulaar - فولاني
कश्मीरी - كشميري
한국어 - كوري
македонски - مقدوني
bahasa Melayu - ملايو
മലയാളം - مليالم
magyar - هنجاري مجري
हिन्दी - هندي
Èdè Yorùbá - يوربا
ελληνικά - يوناني
қазақ тілі - كازاخي
עברית - عبري
中文 - صيني
Bahasa Indonesia - إندونيسي
dansk - دنماركي
پښتو - بشتو
أنكو - أنكو
Luganda - لوغندي
తెలుగు - تلقو
日本語 - ياباني
ትግርኛ - تجريني
Кыргызча - قرغيزي
Kurdî - كردي
Nederlands - هولندي
čeština - تشيكي
українська - أوكراني
eesti - إستوني
suomi - فنلندي
Адыгэбзэ - شركسي
Norwegian - نرويجي
ქართული - جورجي
tamashaq - طارقي
ދިވެހި - ديفهي
slovenčina - سلوفاكي
Türkmençe - تركماني
башҡорт теле - بلوشي
afaan oromoo - أورومو
ភាសាខ្មែរ - خميرية
ಕನ್ನಡ - كنادي
Bassa - الباسا
Lingala - لينغالا
lietuvių - ليتواني
bamanankan - بامبارا
Soninke - سوننكي
Malagasy - ملاغاشي
Mandinka - مندنكا
Sängö - سانجو
Српски - صربي
Afaraf - عفري
Kinyarwanda - كينيارواندا
Jóola - جوالا
Bi zimanê Kurdî - كردي كرمنجي
Akan - أكاني
Chichewa - شيشيوا
ગુજરાતી - غوجاراتية
Mõõré - موري
créole - كريولي
ພາສາລາວ - لاو
মূল পৃষ্ঠা
আমি কোন
Contact Us
হুজাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বি...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে কোনো মুছলিমে যেন এনেকৈ নকয় যে, "আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে।" অথবা, "আল্লাহে আৰু অমুকে যি বিচা...
মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ স...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, তেখেতে উম্মতৰ প্ৰতি যিটো বিষয়কলৈ আটাইতকৈ বেছি আশংকা কৰিছে সেইটো হৈছে সৰু শ্বিৰ্ক, অৰ্থাৎ ৰিয়া বা ল...
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, কোনেও যেন কাৰোবাক এই বুলি নামাতে যে, হে ফাছিক্ব অথবা হে কাফিৰ। কাৰণ সি যি নামেৰে তাক মাতিছে...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবে...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ মাজত থকা দুটা স্বভাৱ সম্পৰ্কে উল্লেখ কৰিছে যে, সেই দুটা হৈছে কুফৰী আমল, তথা অজ্ঞতা যুগৰ চৰিত্ৰ। সেয়া হৈছেঃ...
আবু মাৰছাদ আল-গানাৱী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কবৰৰ ওপৰত বহিবলৈ নিষেধ কৰিছে। এইদৰে কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈও নিষেধ কৰিছে, কাৰণ এইটো হৈছে শ্বিৰ্ক...
তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।...
হুজাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।"
Hadeeth details
“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া...
মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”
Hadeeth details
কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা কুফৰৰ অপবাদ নিদিয়ে। কাৰণ এই বৈশিষ্ট্য যদি তাৰ ভিতৰত নাথাকে তেন্তে সেই অপবাদ দিয়া ব্যক্তিলৈ সেইটো উভতি আহে।...
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা কুফৰৰ অপবাদ নিদিয়ে। কাৰণ এই বৈশিষ্ট্য যদি তাৰ ভিতৰত নাথাকে তেন্তে সেই অপবাদ দিয়া ব্যক্তিলৈ সেইটো উভতি আহে।"
Hadeeth details
মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।"
Hadeeth details
কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।
আবু মাৰছাদ আল-গানাৱী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।
Hadeeth details
(ৰহমতৰ) ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱ-জন্তুৰ) ছবি আছে।
আবু ত্বালহা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ (ৰহমতৰ) ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱ-জন্তুৰ) ছবি আছে।
Hadeeth details
(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।"
Hadeeth details
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনে...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
Hadeeth details
যিয়ে মোৰ অলীৰ সৈতে শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দাই মোৰ নৈকট্য লাভ কৰিবলৈ যি যি কৰে, তাৰ ভিতৰত আটাইতকৈ মোৰ প্ৰিয় কামবোৰ হৈছে সেইবোৰ, যিবোৰ মই তাৰ ওপৰত ফৰজ কৰিছোঁ।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ যিয়ে মোৰ অলীৰ সৈতে শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দাই মোৰ নৈকট্য লাভ কৰিবলৈ যি যি কৰে, তাৰ ভিতৰত আটাইতকৈ মোৰ প্ৰিয় কামবোৰ হৈছে সেইবোৰ, যিবোৰ মই তাৰ ওপৰত ফৰজ কৰিছোঁ। মোৰ বান্দাই নফল আমলৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰাৰ প্ৰয়াস কৰিয়ে থাকে, অৱশেষত মই তাক মুহাব্বত কৰোঁ। যেতিয়া মই তাক মুহাব্বত কৰিবলৈ লওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ, যাৰ দ্বাৰা সি শুনে। চকু হৈ যাওঁ, যাৰ দ্বাৰা সি দেখা পায়। হাত হৈ যাওঁ, যাৰ দ্বাৰা সি ধৰে। ভৰি হৈ যাওঁ, যাৰ দ্বাৰা সি খোজকাঢ়ে। যেতিয়া সি মোৰ ওচৰত কিবা বিচাৰে, মই তাক নিশ্চয় প্ৰদান কৰোঁ। এইদৰে কোনো বস্তুৰ পৰা মোৰ ওচৰত আশ্ৰয় বিচাৰে, অৱশ্যই মই তাক আশ্ৰয় প্ৰদান কৰোঁ। মই বেলেগ কোনো কামতে কেতিয়াও দ্বিধাবোধ নকৰোঁ কিন্তু মুমিনৰ প্ৰাণ হৰণত কৰাত মই দ্বিধাবোধ কৰোঁ। সি মৃত্যুক অপছন্দ কৰে আৰু মই তাক কষ্ট দিবলৈ অপছন্দ কৰোঁ।"
Hadeeth details
মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰ...
ইৰবাজ বিন ছাৰিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজত থিয় হৈ গাম্ভীৰ্যপূৰ্ণ হৃদয়গ্ৰাহী ভাষণ দিলে, যাৰ ফলত অন্তৰ কঁপি উঠিল আৰু চকুত চকুলো আহি গ'ল। এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! এই ভাষণ দেখোন বিদায়ী ভাষণৰ নিচিনা। গতিকে আমাক কিবা উপদেশ দিয়ক। তেখেতে ক'লেঃ "মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা। তোমালোকে এইবোৰ ছুন্নতক দাঁতেৰে খামুচি ধৰাৰ দৰে খামুচি ধৰিবা, লগতে (দ্বীনৰ ক্ষেত্ৰত) নতুনত্বৰৰ পৰা বিৰত থাকিবা, কাৰণ প্ৰত্যেক বিদআতেই হৈছে পথভ্ৰষ্টতা।"
Hadeeth details
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তি আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তি আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে। এইদৰে যি ব্যক্তিয়ে মোৰ উম্মতৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে আৰু তেওঁলোকৰ মাজৰ ভাল বেয়া সকলো লোককে হত্যা কৰে, মুমিন ব্যক্তিৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নকৰে আৰু প্রতিশ্রুতি দিয়া লোকৰ প্রতিশ্রুতিও পূৰণ নকৰে। সি মোৰ অন্তৰ্ভুক্ত নহয় আৰু তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই”।
Hadeeth details
“যিজন বান্দাক আল্লাহে জন সাধাৰণৰ ওপৰত কৰ্তৃত্ব অৰ্পন কৰে; কিন্তু সি মৃত্যুৰ সময়ত প্ৰজাৰ প্রতি প্রতাৰণা কৰা অৱস্থাত মৃত্যুবৰণ কৰে, তেনেকুৱা ব্যক্তিৰ বাবে আল্লাহে জান্নাত হাৰাম কৰি দিছে।...
মা’কিল বিন এছাৰ আল-মুঝানী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ শুনিছোঁ তেখেতে কৈছেঃ “যিজন বান্দাক আল্লাহে জন সাধাৰণৰ ওপৰত কৰ্তৃত্ব অৰ্পন কৰে; কিন্তু সি মৃত্যুৰ সময়ত প্ৰজাৰ প্রতি প্রতাৰণা কৰা অৱস্থাত মৃত্যুবৰণ কৰে, তেনেকুৱা ব্যক্তিৰ বাবে আল্লাহে জান্নাত হাৰাম কৰি দিছে।"
Hadeeth details
‹
1
2
3
4
5
6
7
8
9
10
...
30
31
›
Share
Use the QR code to easily share the message of Islam with others
Copy Link
copied!
আমাৰ সৈতে যোগাযোগ কৰক
×
নাম
ই-মেইল
বাৰ্তা
আমাৰ সৈতে যোগাযোগ কৰক
×
যোগাযোগৰ বাবে ধন্যবাদ, ইন শ্বা আল্লাহ আমি আপোনাৰ বাৰ্তা
Share