- এই হাদীছটোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে, এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বোলে। যি হাদীছৰ শব্দ আৰু অৰ্থ আল্লাহৰ পৰা অৱতীৰ্ণ। কিন্তু ইয়াৰ ভিতৰত কোৰআনৰ কোনো বিশেষত্ব নাই, যিবোৰ বিশেষত্ব একমাত্ৰ কোৰআনৰ বাবেই নিৰ্দিষ্ট। যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, পৱিত্ৰ হৈ স্পৰ্শ কৰিব লাগে, কোৰআনৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে, লগতে কোৰআনৰ মাজত আছে বহুতো অলৌকিকতা, ইত্যাদি।
- হাদীছটোত আল্লাহৰ অলীসকলক কষ্ট দিবলৈ নিষেধ কৰা হৈছে, আৰু তেওঁলোকক মুহাব্বত কৰিবলৈ উৎসাহিত কৰা হৈছে। লগতে তেওঁলোকৰ মৰ্যাদাক স্বীকাৰ কৰিবলৈ কৈছে।
- আল্লাহৰ শত্ৰুসকলৰ সৈতে বিদ্বেষ পোষণ কৰিবলৈ নিৰ্দেশ দিছে আৰু সিহঁতৰ সৈতে বন্ধুত্ব ৰাখিবলৈ নিষেধ কৰিছে।
- আল্লাহৰ চৰীয়ত অনুসৰণ নকৰাকৈ যিয়ে নিজকে আল্লাহৰ অলী বুলি দাবী কৰে, সি হৈছে চৰম মিছলীয়া।
- ওৱাজিবসমূহ পালন কৰিলে আৰু হাৰাম কামৰ পৰা বিৰত থাকিলেহে আল্লাহৰ ৱিলায়ত লাভ হয়।
- ওৱাজিবসমূহ পালন কৰিলে আৰু হাৰাম কামৰ পৰা বিৰত থাকিলে আল্লাহে দুআ কবূল কৰে আৰু তাক মুহাব্বত কৰে।
- অলীসকলৰ সন্মান আৰু তেওঁলোকৰ সুউচ্চ মৰ্যাদাৰ প্ৰতি ইংগিত কৰা হৈছে।