- এই শাস্তিৰ সতৰ্কবাণী কেৱল ৰাষ্ট্র প্রধান আৰু তেওঁৰ প্রতিনিধিসকলৰ বাবেই নিৰ্দিষ্ট নহয়; বৰং আল্লাহে যি ব্যক্তিকেই জনগণৰ দায়িত্বভাৰ অৰ্পন কৰে, সেই সকলো লোকেই ইয়াৰ অন্তৰ্ভুক্ত।
- গতিকে যিয়েই মুছলিমসকলৰ দায়িত্বভাৰ গ্রহণ কৰিব, তেৱেঁই তেওঁলোকৰ শুভাকাংক্ষী হোৱাটো অনিবাৰ্য। তেওঁলোকৰ আমানত সঠিকভাৱে আদায় কৰিবলৈ চেষ্টা কৰা আৰু খিয়ানত তথা বিশ্বাসঘাতকতা কৰাৰ পৰা সাৱধান হোৱা উচিত।
- সাধাৰণ বা বিশেষ, সৰু বা ডাঙৰ ৰাজহুৱা যিকোনো ধৰণৰ দায়িত্বভাৰ গ্রহণ কৰাটো হৈছে এটা গুৰু দায়িত্ব।