- কবৰস্থানত অথবা কবৰসমূহৰ মাজত নাইবা কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈ নিষেধ কৰা হৈছে। কিন্তু জানাজাৰ নামাজ এই নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয়। এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত।
- শ্বিৰ্কৰ দুৱাৰ বন্ধ কৰাৰ উদ্দেশ্যে কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈ নিষিদ্ধ কৰা হৈছে।
- ইছলামে কবৰ সম্পৰ্কে অতিৰঞ্জিত কৰিবলৈ নিষেধ কৰিছে, লগতে কবৰক অপমান কৰিবলৈও নিষেধ কৰিছে। গতিকে এই ক্ষেত্ৰত সীমালংঘন কৰাও ঠিক নহয় আৰু অৱহেলা কৰাও ঠিক নহয়।
- মুছলিমৰ সন্মান মৃত্যুৰ পিছতো অৱশিষ্ট থাকে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ "মৃত ব্যক্তিৰ হাড় ভঙাটো জীৱিত ব্যক্তিৰ হাড় ভঙাৰ দৰেই সমান।"