মূল পৃষ্ঠা
আমি কোন
as
العربية - عربي
English - إنجليزي
español - إسباني
português - برتغالي
Kiswahili - سواحيلي
Français - فرنسي
Русский - روسي
اردو - أردو
italiano - إيطالي
Türkçe - تركي
አማርኛ - أمهري
ไทย - تايلندي
සිංහල - سنهالي
Wikang Tagalog - فلبيني تجالوج
Tiếng Việt - فيتنامي
नेपाली - نيبالي
Hausa - هوسا
Wollof - ولوف
বাংলা - بنغالي
ئۇيغۇرچە - أيغوري
অসমীয়া - آسامي
فارسی - فارسي
فارسی دری - دري
azərbaycanca - أذري
Ўзбек - أوزبكي
Deutsch - ألماني
Shqip - ألباني
فلبيني مرناو - فلبيني مرناو
български - بلغاري
ဗမာ - بورمي
bosanski - بوسني
polski - بولندي
தமிழ் - تاميلي
татар теле - تتاري
română - روماني
svenska - سويدي
нохчийн мотт - شيشاني
Soomaali - صومالي
тоҷикӣ - طاجيكي
Pulaar - فولاني
कश्मीरी - كشميري
한국어 - كوري
македонски - مقدوني
bahasa Melayu - ملايو
മലയാളം - مليالم
magyar - هنجاري مجري
हिन्दी - هندي
Èdè Yorùbá - يوربا
ελληνικά - يوناني
қазақ тілі - كازاخي
עברית - عبري
中文 - صيني
Bahasa Indonesia - إندونيسي
dansk - دنماركي
پښتو - بشتو
أنكو - أنكو
Luganda - لوغندي
తెలుగు - تلقو
日本語 - ياباني
ትግርኛ - تجريني
Кыргызча - قرغيزي
Kurdî - كردي
Nederlands - هولندي
čeština - تشيكي
українська - أوكراني
eesti - إستوني
suomi - فنلندي
Адыгэбзэ - شركسي
Norwegian - نرويجي
ქართული - جورجي
tamashaq - طارقي
ދިވެހި - ديفهي
slovenčina - سلوفاكي
Türkmençe - تركماني
башҡорт теле - بلوشي
afaan oromoo - أورومو
ភាសាខ្មែរ - خميرية
ಕನ್ನಡ - كنادي
Bassa - الباسا
Lingala - لينغالا
lietuvių - ليتواني
bamanankan - بامبارا
Soninke - سوننكي
Malagasy - ملاغاشي
Mandinka - مندنكا
Sängö - سانجو
Српски - صربي
Afaraf - عفري
Kinyarwanda - كينيارواندا
Jóola - جوالا
Bi zimanê Kurdî - كردي كرمنجي
Akan - أكاني
Chichewa - شيشيوا
ગુજરાતી - غوجاراتية
Mõõré - موري
créole - كريولي
ພາສາລາວ - لاو
মূল পৃষ্ঠা
আমি কোন
Contact Us
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিছে, তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক মাত...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মা...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জাহান্নামৰ জুইৰ তুলনাত পৃথিৱীৰ জুই হৈছে সত্তৰ ভাগৰ এভাগ মাত্ৰ। গতিকে আখিৰাতৰ জুই পৃথিৱীৰ জ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "আল্লাহে পৃথিৱীক নিজৰ মু...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ক্বিয়ামতৰ দিনা আল্লাহে পৃথিৱীক নিজৰ মুঠিত আৱদ্ধ কৰি লব, আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত এটাৰ ওপৰত এটা...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মোৰ ওচৰলৈ আহিল, তেতিয়া মোৰ তাত এটা ত্বাক (s...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে আৰু আঈশ্বাৰ তাত এটা সৰু শ্বেল্ফ দেখা পালে য'ত তেওঁ বস্তু বাহিনী ৰাখিছিল, সেইটোক তেওঁ কাপোৰেৰে আবৃত...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালো...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, অচিৰেই ঈছা ইবনে মৰিয়ম আলাইহিচ্ছাম অৱতৰণ কৰিব, আৰু মানুহৰ মাজত তেওঁ চৰীয়তে মুহাম্মদী মুতাবিক ন্যায়ৰ...
আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক প্ৰেৰণ কৰি ক'লেঃ তুমি গৈ চাই আহাচোন, মই জান্নাতৰ অধিবাসীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ। তেওঁ গৈ চাই আহিলে আৰু আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! যিয়েই ইয়াৰ বিষয়ে শুনিব সিয়েই ইয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আল্লাহে আদেশ কৰিলে, ফলত জান্নাতক দুখ-কষ্টমূলক বস্তুৰে পৰিবেষ্টন কৰা হ'ল। ইয়াৰ পিছত আল্লাহে আকৌ জিব্ৰীলক নিৰ্দেশ দিলে যে, তুমি আকৌ যোৱা, আৰু চাই আহাগৈ যে, জান্নাতীসকলৰ বাবে মই কি কি প্ৰস্তুত কৰিছোঁ। তেতিয়া তেওঁ গৈ দেখিলে যে, জান্নাতক দুখ-কষ্ট বিপদ-আপদ আদিৰে পৰিবেষ্টন কৰা হৈছে। তেওঁ আল্লাহৰ ওচৰলৈ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয়, এতিয়া ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ তুমি এতিয়া জাহান্নাম চাই আহাগৈ, তাত মই জাহান্নামীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ এবাৰ চাই আহাচোন। তেওঁ তাতগৈ দেখা পালে যে, জাহান্নামৰ এটা অংশই যেনিবা আনটো অংশক গ্ৰাস কৰি আছে। এই দেখি তেওঁ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! ইয়াত দেখোন কোনেও প্ৰৱেশ নকৰিব। ইয়াৰ পিছত আল্লাহৰ নিৰ্দেশত জাহান্নামক লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰ দ্বাৰা পৰিবেষ্টন কৰি দিয়া হ'ল। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ এতিয়া আকৌ গৈ চাই আহাচোন। তেওঁ তালৈ আকৌ গ'ল আৰু চাই আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ধাৰণা মতে এতিয়া দেখোন কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব। সকলোৱে দেখোন প্ৰৱেশ কৰিব।
Hadeeth details
তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।
Hadeeth details
আল্লাহে পৃথিৱীক নিজৰ মুঠিৰ ভিতৰত লব আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত মেৰিয়াই লৈ ক'বঃ ময়েই ৰাজাধিৰাজ। পৃথিৱীৰ শাসকসকল ক'ত?...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "আল্লাহে পৃথিৱীক নিজৰ মুঠিৰ ভিতৰত লব আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত মেৰিয়াই লৈ ক'বঃ ময়েই ৰাজাধিৰাজ। পৃথিৱীৰ শাসকসকল ক'ত?"
Hadeeth details
কিয়ামতৰ দিনা সিহঁতে কঠিন শাস্তি ভোগ কৰিব, যিসকলে আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শনত লিপ্ত হয়।...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মোৰ ওচৰলৈ আহিল, তেতিয়া মোৰ তাত এটা ত্বাক (shelf) আছিল যিটোক মই পৰ্দাৰে আবৃত কৰি ৰাখিছিলোঁ, সেই পৰ্দাত কিছুমান চিত্ৰ আছিল। তেখেতে সেইটো দেখা পাই ছিঙি পেলালে, আৰু তেখেতৰ মুখমণ্ডল ৰঙা পৰি গ'ল। তেখেতে ক'লেঃ "হে আঈশ্বা! কিয়ামতৰ দিনা সিহঁতে কঠিন শাস্তি ভোগ কৰিব, যিসকলে আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শনত লিপ্ত হয়।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ "এইটো শুনাৰ পিছত মই সেই পৰ্দা ফালি এখন অথবা দুখন গাৰু বনাই লৈছিলোঁ।"
Hadeeth details
সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নক...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।"
Hadeeth details
আপুনি লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিয়ক, ক্বিয়ামতৰ দিনা মই আপোনাৰ সপক্ষে ইয়াৰ সাক্ষী দিম...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ খুৰাক ক'লেঃ আপুনি লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিয়ক, ক্বিয়ামতৰ দিনা মই আপোনাৰ সপক্ষে ইয়াৰ সাক্ষী দিম। তেওঁ কৈছেঃ কুৰাইশ্বসকলে যদি এই কথা কৈ মোক নিন্দা নকৰিলেহেঁতেন যে, আবু তালিব ভয়তে এই কথা স্বীকাৰ কৰিছে, তেন্তে নিশ্চয় মই ইয়াক স্বীকাৰ কৰি তোমাৰ চকু জুৰ পেলালোহেঁতেন। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {إِنَّكَ لا تَهْدِي مَنْ أَحْبَبْتَ وَلَكِنَّ اللهَ يَهْدِي مَنْ يَشَاءُ } [القصص: 56] নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায়। (ছুৰা ক্বাচাচঃ ৫৬)
Hadeeth details
মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম...
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম, লগতে ইয়াত থকা পান পাত্ৰবোৰ হ'ব আকাশৰ তৰাৰ নিচিনা। যিয়ে ইয়াৰ পৰা এবাৰ সেৱন কৰিব তেওঁ দ্বিতীয়বাৰ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।
Hadeeth details
ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব। তেতিয়া এজন সম্বোধনকাৰীয়ে মাতি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! এই আহ্বান শুনি তেওঁলোকে মূৰ তুলি মনোযোগ সহকাৰে চাব। তেতিয়া আহ্বানকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, এওঁৱেইতো মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখা পাইছিল। ইয়াৰ পিছত সেই আহ্বানকাৰীয়ে মাতি ক'বঃ হে জাহান্নামৰ অধিবাসীসকল! তেতিয়া জাহান্নামৰ অধিবাসীসকলে মূৰ দাঙি সেইফালে মনোনিৱেশ কৰিব। তেতিয়া তেওঁ ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয়, এওঁ হৈছে মৃত্যু। সিহঁত সকলোৱে ইয়াক দেখি আহিছে। ইয়াৰ পিছত (সকলোৰে সন্মুখত) তাক জবেহ কৰা হ'ব। ইয়াৰ পিছত তেওঁ ক'বঃ হে জান্নাতৰ অধিবাসীসকল! (আজিৰ পৰা) তোমালোক চিৰস্থায়ী, তোমালোকৰ কোনো মৃত্যু নাই, আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও চিৰকাল ইয়াতেই থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। (এইখিনি কথা কোৱাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) পাঠ কৰিলেঃ অৰ্থ- (হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে। (ছুৰা মাৰয়ামঃ ৩৯) অৰ্থাৎ পৃথিৱীবাসী এতিয়া অমনোযোগী হৈ আছে, সিহঁতে ঈমান পোষণ নকৰে। (ছুৰা মাৰয়ামঃ ৩৯)
Hadeeth details
তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।...
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ শুনিছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।
Hadeeth details
এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।...
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।"
Hadeeth details
আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।"
Hadeeth details
“হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা।...
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আবু জৰ গিফাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মহান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছে যে, মহান আল্লাহে কৈছে, “হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা। হে মোৰ বান্দাসকল! তোমালোক আটায়েই পথভ্রষ্ট; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই সঠিক পথ দেখুৱাইছোঁ (অৰ্থাৎ হিদায়ত প্ৰদান কৰিছোঁ)। গতিকে তোমালোকে মোৰ ওচৰত হিদায়ত কামনা কৰা, ময়ে তোমালোকক সঠিক পথ দেখুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে ক্ষুধাৰ্ত; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই পানাহাৰ কৰাওঁ। গতিকে তোমালোকে মোৰ ওচৰতেই পানাহাৰ বিচৰা, ময়ে তোমালোকক খুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে বস্ত্রহীন; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই বস্ত্র দান কৰিছোঁ। গতিকে তোমালোকে মোৰ ওচৰত বস্ত্র বিচৰা, মই তোমালোকক বস্ত্রদান কৰিম। হে মোৰ বান্দাসকল! তোমালোকে দিনে-ৰাতি পাপ কৰি থাকা আৰু ময়েই তোমালোকৰ সকলো পাপ ক্ষমা কৰি দিওঁ। গতিকে তোমালোকে কেৱল মোৰ ওচৰতেই ক্ষমা প্রার্থনা কৰা, নিশ্চয় মই তোমালোকক ক্ষমা কৰি দিম। হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোৰ একো ক্ষতি কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। হে মোৰ বান্দাসকল! যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে, জ্বিন হওক অথবা মানুহ, তোমালোক সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ মুত্তাক্বী ব্যক্তিৰ নিচিনা মুত্তাক্বী হৈ যোৱা, তথাপিও মোৰ ৰাজত্বৰ একো বৃদ্ধি নহ’ব। হে মোৰ বান্দাসকল! আনহাতে যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে মানৱ আৰু জ্বিন সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ ডাঙৰ পাপীৰ দৰে হৈ পৰে, তথাপিও এইটোৱে মোৰ ৰাজত্বৰ একো হ্ৰাস কৰিব নোৱাৰিব। হে মোৰ বান্দাসকল! যদি তোমালোকৰ প্রথম প্রজন্মৰ পৰা শেষ প্রজন্মলৈকে মানৱ আৰু জ্বিন সকলোৱে মিলি এখন পথাৰত একত্রিত হৈ মোৰ ওচৰত প্রার্থনা কৰা, আৰু মই যদি তোমালোকৰ প্রত্যেককে তাৰ বিচৰা বস্তুটো দান কৰোঁ, তথাপিও (এই দানে) মোৰ ওচৰত থকা ভাণ্ডাৰৰ কেৱল সেইখিনিয়ে হ্ৰাস কৰিবলৈ সক্ষম হ’ব, এটা বেজি সাগৰৰ পানীত ডুবালে সাগৰৰ পানীৰ পৰা যিমানখিনি হ্ৰাস হয়। হে মোৰ বান্দাসকল! নিশ্চয় মই তোমালোকৰ কর্মসমূহ হিচাপ কৰি ৰাখিছোঁ। এতেকে মই তোমালোকক ইয়াৰ পৰিপূৰ্ণ বিনিময় দান কৰিম। এতেকে যিয়ে কল্যাণ লাভ কৰিব, তেওঁ আল্লাহৰ প্রশংসা কৰা উচিত। আৰু যিয়ে ইয়াৰ বিপৰীতটো (অর্থাৎ অকল্যাণ) লাভ কৰিব, সি নিজকেই তিৰস্কাৰ কৰা উচিত।”
Hadeeth details
‹
1
2
3
4
5
6
7
8
9
10
...
30
31
›
Share
Use the QR code to easily share the message of Islam with others
Copy Link
copied!
আমাৰ সৈতে যোগাযোগ কৰক
×
নাম
ই-মেইল
বাৰ্তা
আমাৰ সৈতে যোগাযোগ কৰক
×
যোগাযোগৰ বাবে ধন্যবাদ, ইন শ্বা আল্লাহ আমি আপোনাৰ বাৰ্তা
Share