- এই বিষয়ে ঈমান পোষণ কৰিব লাগিব যে, জান্নাত আৰু জাহান্নাম এতিয়াও বিদ্যমান আছে।
- আল্লাহ আৰু তেওঁৰ ৰাছুলে গায়েব সম্পৰ্কীয় দিয়া প্ৰতিটো বিষয়তে ঈমান পোষণ কৰা ওৱাজিব।
- দুখ-কষ্ট আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব, কাৰণ এইটো হৈছে জান্নাতৰ পথ।
- হাৰাম বস্তুৰ পৰা আঁতৰি থকাৰ গুৰুত্ব। কাৰণ এইটো হৈছে জাহান্নামৰ পথ।
- জান্নাতক দুখ-কষ্টৰে আৰু জাহান্নামক প্ৰবৃত্তিৰ চাহিদা আদিৰে পৰিবেষ্টন কৰিছে। পাৰ্থিৱ জীৱনত ইয়াৰ দ্বাৰা পৰীক্ষা কৰা হয়।
- জান্নাতৰ পথ বৰ কঠিন আৰু দুৰ্গম। ইয়াৰ বাবে ঈমানৰ সৈতে ধৈৰ্য্য আৰু কষ্টৰ প্ৰয়োজন। আনহাতে জাহান্নামৰ পথ লোভ-লালসা আৰু আকৰ্ষণীয় বিষয়ৰ দ্বাৰা পৰিপূৰ্ণ কৰি ৰখা হৈছে।