- উক্ত হাদীছ মুতাবিক ছালাম দিয়াটো হৈছে মুস্তাহাব। যদি খোজকাঢ়ি যোৱা ব্যক্তিয়ে আৰোহী ব্যক্তিক ছালাম কৰে তেন্তে সেইটো জায়েজ, কিন্তু হাদীছত দেখুৱাই দিয়া পদ্ধতিটো হৈছে উত্তম।
- হাদীছত উল্লিখিত ধৰণে ছালাম প্ৰচাৰ কৰাটো হৈছে মুহাব্বত তথা মৰম-স্নেহ সৃষ্টি হোৱাৰ অন্যতম উপায়।
- হাদীছত উল্লিখিত দুটা পক্ষ যদি সমান হয় তেন্তে সিহঁতৰ মাজৰ সেই পক্ষ উত্তম বুলি বিবেচিত হ'ব, যি পক্ষই প্ৰথমে ছালাম কৰিব।
- এই চৰীয়ত হৈছে পূৰ্ণাংগ এটা চৰীয়ত, ইয়াত মানুহৰ প্ৰয়োজনীয় সকলো সমস্যাৰ সমাধান আছে।
- হাদীছটোত ছালামৰ নিয়ম-নীতি শিকোৱা হৈছে, আৰু প্ৰত্যেককে তাৰ প্ৰাপ্য অধিকাৰ দিয়া হৈছে।