- এই হাদীছটোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে, এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বোলে। যি হাদীছৰ শব্দ আৰু অৰ্থ আল্লাহৰ পৰা অৱতীৰ্ণ। কিন্তু ইয়াৰ ভিতৰত কোৰআনৰ কোনো বিশেষত্ব নাই, যিবোৰ বিশেষত্ব একমাত্ৰ কোৰআনৰ বাবেই নিৰ্দিষ্ট। যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, পৱিত্ৰ হৈ স্পৰ্শ কৰিব লাগে, কোৰআনৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে, লগতে কোৰআনৰ মাজত আছে বহুতো অলৌকিকতা, ইত্যাদি।
- বান্দাই যি জ্ঞান অৰ্জন কৰে অথবা হিদায়ত লাভ কৰে, সেই হিদায়ত আৰু শিক্ষা আল্লাহৰ পৰাই লাভ কৰে।
- বান্দাই যি কল্যাণ অৰ্জন কৰে সেইটো আল্লাহৰেই অনুগ্ৰহ। আনহাতে বান্দাই যি অকল্যাণৰ সন্মুখীন হয়, সেয়া সি নিজৰ দোষতে হয়।
- যিয়ে সৎকৰ্ম কৰে, সি আল্লাহৰ তাওফীকতে কৰে আৰু ইয়াৰ প্ৰতিফলো আল্লাহৰ অনুগ্ৰহতে লাভ কৰিব, গতিকে প্ৰশংসা কেৱল আল্লাহৰেই। আনহাতে যিয়ে অসৎকৰ্ম কৰে, সি নিজকেই ভৰ্ৎসনা কৰিব।