- হাদীছটোৰ দ্বাৰা এই কথা প্ৰমাণিত যে, শেষ জামানাত ঈছা আলাইহিচ্ছালাম অৱতৰণ কৰিব। তেওঁৰ অৱতৰণ হৈছে ক্বিয়ামতৰ এটা ডাঙৰ নিদৰ্শন।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰীয়তক কোনো বিধানেই ৰহিত কৰিব নোৱাৰিব।
- শেষ জামানাত সম্পদত অতিমাত্ৰা বৰকত নাজিল হ'ব, আনকি সম্পদৰ পৰা মানুহৰ ইচ্ছা নাইকীয়া হৈ যাব।
- হাদীছটোত এই সুসংবাদ দিয়া হৈছে যে, দ্বীনে ইছলাম অৱশিষ্ট থাকিব, আৰু শেষ জামানাত ঈছা আলাইহিচ্ছালাম এই চৰীয়ত মতেই শাসন কৰিব।