উম্মে ছালামাহ উম্মুল মুনিনীন -ৰাদ্বিয়াল্লাহু আনহা-ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শ...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমাৰ ওপৰত এনেকুৱা শাসকে শাসন চলাব, যিসকলৰ কিছুমান কাম ভাল হ'ব অৰ্থাৎ চৰীয়ত সন্মত, আৰু কিছুমান হ'...

উম্মে ছালামাহ উম্মুল মুনিনীন -ৰাদ্বিয়াল্লাহু আনহা-ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ আমি সিহঁতৰ বিৰুদ্ধে যুদ্ধ নকৰিমনে?’ তেখেতে ক’লেঃ “নহয়; যেতিয়ালৈকে সিহঁতে চালাত কায়েম কৰিব।”

ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "অনাগত সময়ত প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব আৰু এনেকুৱা কিছুমান বিষয় সন্মুখলৈ আহিব যিবোৰক তোমালোকে অপছন্দ কৰিবা।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেনেকুৱা পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কি উপদেশ দিয়ে? তেখেতে ক'লেঃ "তোমালোকে নিজৰ দায়িত্ব পালন কৰিবা আৰু নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা।"

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। যেনে- মানুহৰ ওপৰত শাসন চলোৱা শাসক হৈছে এজন দায়িত্বশীল ব্যক্তি, তাক তাৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ প্ৰতি দায়িত্বশীল, তাক নিজৰ পৰিয়ালৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে নাৰী হৈছে স্বামীৰ ঘৰৰ আৰু তাৰ সন্তানসকলৰ প্ৰতি দায়িত্বশীল, তাইক সেই সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে দাস হৈছে তাৰ মালিকৰ সম্পদ ৰক্ষাৰ দায়িত্বত নিয়োজিত, তাক সেই দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। জানি থোৱা! তোমালোক প্ৰত্যেকেই দায়িত্বশীল, গতিকে তোমালোকৰ প্ৰত্যেককে নিজ নিজ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব।"

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই মোৰ এই ঘৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ “হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”

তামীম আত-দাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দ্বীন হৈছে শুভ কামনাৰ নাম।" আমি প্ৰশ্ন কৰিলোঁ: কাৰ বাবে? তেখেতে ক’লে: "আল্লাহৰ বাবে, তেওঁৰ কিতাবৰ বাবে, তেওঁৰ ৰাছুলৰ বাবে, মুছলিমসকলৰ নেতৃবৃন্দৰ বাবে আৰু সকলো মুছলিমৰ বাবে।"

আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (ছুৰা আলে ইমৰাণৰ) এই আয়াতটো তিলাৱত কৰিলে, অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। (আলে ইমৰাণঃ ৭) আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ “তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”

নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থানকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকাৰী) আৰু তেওঁৰ সীমাৰেখা উলংঘাকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ নিদিয়া আৰু অসৎকৰ্মৰ পৰা বাধা নিদিয়া) ব্যক্তিৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন (দুইমহলীয়া) জাহাজত উঠিলে, আসন নিৰ্বাচন কৰিবলৈ সিহঁতে লটাৰি কৰিলে। ফলত কিছুমানে ওপৰত ঠাই পালে আৰু কিছুমানে তলত। তলৰ লোকসকলে পানী লবলগীয়া হ'লে ওপৰত যাবলগীয়া হৈছিল। সেয়ে সিহঁতে চিন্তা কৰিলে যে, আমি যদি তলতে এখন ফুটা কৰি লওঁ তেন্তে আৰু ওপৰত যাবলগীয়াও নহ'ব আৰু সিহঁতক কষ্ট দিয়াও নহ'ব। এতেকে এই পৰিস্থিতিত ওপৰৰ লোকসকলে যদি তলৰ লোকসকলক বাধা নিদিয়ে তেন্তে নিশ্চিতভাৱে সকলোৱে ডুবি ধ্বংস হ'ব। আনহাতে যদি ওপৰৰ লোকসকলে তলৰ লোকসকলক এই কাম কৰিবলৈ বাধা দিয়ে তেন্তে সিহঁতেও ৰক্ষা পাব আৰু বাকী লোকসকলে সুৰক্ষিত থাকিব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে কোনো হিদায়তৰ প্ৰতি আহ্বান কৰিব, তেওঁ সেই ব্যক্তিৰ সমানেই ছোৱাব পাব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। ইয়াৰ ফলত সিহঁতৰ কোনো ছোৱাব হ্ৰাস নহ'ব। আনহাতে যি ব্যক্তিয়ে কোনো ভ্রষ্টতাৰ ফালে আহ্বান কৰিব, সি সেই ব্যক্তিৰ সমানেই গুনাহৰ অধিকাৰী হ'ব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। কিন্তু সিহঁতৰ গুনাহৰ পৰিমাণ হ্ৰাস নহ'ব।”

আবু মাছঊদ আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে, মোৰ বাহন ধ্বংস হৈ গৈছে, আপুনি মোক এটি বাহন প্রদান কৰক। তেখেতে ক'লে: “মোৰ ওচৰত তেনেকুৱা একো নাই।” তেতিয়া আন এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব।”

ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, খাইবৰৰ যুদ্ধৰ দিনা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "কাইলৈ ​​মই এই পতাকাখন এনে এজন ব্যক্তিৰ হাতত তুলি দিম, যাৰ যোগেদি আল্লাহে (খয়বৰৰ দুৰ্গ) জয় কৰিব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভালপায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভালপায়।" বৰ্ণনাকাৰীয়ে কৈছেঃ সেই ৰাতি লোকসকলে এই চিন্তাত ৰাতি অতিবাহিত কৰিছিল যে, কাক দিয়া হ'ব পতাকাখন। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হ'ল, প্ৰত্যেকেই কামনা কৰি আছিল যে, পতাকাখন তাকেই দিয়া হ'ব। এই অৱস্থাত তেখেতে ক'লেঃ "আলী ইবনু আবি তালিব ক'ত?" কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল! তেওঁৰ চকুৰ বেমাৰ হৈছে। তেখেতে ক'লেঃ "তেওঁক মাতি আনিবলৈ কাৰোবাক প্ৰেৰণ কৰা।" তেওঁক লৈ অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ দুয়ো চকুত তেখেতৰ থু লগাই দিলে আৰু দুআ কৰিলে, ফলত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল, এনেকুৱা আৰোগ্য লাভ কৰিলে যে, চকুত যেনিবা কোনো বিষেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। পতাকা হাতত লৈ তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ কৰিম যেতিয়ালৈকে সিহঁত আমাৰ দৰে (মুছলিম) হৈ নাযায়। তেতিয়া তেখেতে ক'লেঃ "তুমি লাহে লাহে আগুৱাই যোৱা, যেতিয়া তুমি সিহঁতৰ চোতালতগৈ উপস্থিত হ'বা, তেতিয়া সিহঁতক ইছলামৰ পিনে আহ্বান কৰিবা আৰু সিহঁতৰ ওপৰত আল্লাহৰ যি অধিকাৰ আছে সেই সম্পৰ্কে সিহঁতক অৱগত কৰিবা। আল্লাহৰ শপত! তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।"

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।