- হাদীছটোৰ দ্বাৰা আলী ইবনু আবি তালিবৰ মৰ্যাদা প্ৰমাণিত হৈছে।
- স্বয়ং ৰাছুলু্ল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সাক্ষ্য দিছে যে, তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভাল পায়।
- কল্যাণৰ প্ৰতি চাহাবাসকল খুবেই আগ্ৰহী আছিল, আৰু ইয়াৰ বাবে তেওঁলোকে প্ৰতিযোগিতা কৰিছিল।
- যুদ্ধৰ সময়তো নিয়ম-নীতি পালন কৰা জৰুৰী। আনহাতে লম্ফ-জম্ফ কৰা তথা অনৰ্থক চিঞৰ-বাখৰ পৰিত্যাগ কৰা উচিত, ইয়াৰ কোনো প্ৰয়োজন নাই।
- ইয়াহুদীসকলৰ ওপৰত বিজয় লাভ কৰাৰ সংবাদটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা প্ৰমাণ। আনহাতে তেখেতৰ হাতত আলী ইবনে আবি তালিবে চকুৰ বেমাৰৰ পৰা আৰোগ্য লাভ কৰা বিষয়টো সংঘটিত হৈছে আল্লাহৰ আদেশক্ৰমে।
- জিহাদৰ অন্যতম এটা মহান উদ্দেশ্য হৈছে, যাতে মানুহে দলে দলে ইছলামত প্ৰৱেশ কৰে।
- ইছলামৰ প্ৰতি আহ্বান ধীৰ স্থিৰে হোৱা উচিত। প্ৰথমে অমুছলিম ব্যক্তিক ইছলাম গ্ৰহণ কৰিবলৈ তথা শ্বাহাদাতাইনৰ সাক্ষ্য দিয়াৰ প্ৰতি আহ্বান কৰিব লাগে। এইটো গ্ৰহণ কৰিলেহে ইছলামৰ বাকী বাধ্যতামূলক বিধানসমূহৰ নিৰ্দেশ দিব লাগে।
- হাদীছটোত ইছলামৰ প্ৰতি আহ্বানৰ গুৰুত্ব বৰ্ণিত হৈছে। ইয়াত আহ্বানকাৰী আৰু যাক আহ্বান কৰা হৈছে উভয়ৰে বাবে কল্যাণ আছে, যাক আহ্বান কৰা হৈছে তেওঁ হিদায়ত লাভ কৰিব পাৰে, আনহাতে আহ্বানকাৰীয়ে মহা প্ৰতিদান লাভ কৰিব।