- এই হাদীছটো হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰমাণ। কাৰণ ইয়াত তেখেতে তেখেতৰ উম্মতত হ'বলগীয়া এনেকুৱা এটা বিষয় সম্পৰ্কে সংবাদ দিছে যিটো পৰৱৰ্তী সময়ত সেইদৰেই সন্মুখলৈ আহিছে।
- কোনো ব্যক্তিৰ ওপৰত আহিবলগীয়া বিপদ সম্পৰ্কে কোনোবাই অৱগত থাকিলে তাক সেই বিষয়ে জনাই দিয়া উচিত। যাতে তেওঁ সেই বিষয়ে প্ৰস্তুত থাকিব পাৰে আৰু সেই বিপদ দেখা দিলে ধৈৰ্য্য ধৰিব পাৰে আৰু ছোৱাব কামনা কৰিব পাৰে।
- ফিতনা আৰু মতভেদৰ পৰা ওলোৱাৰ উপায় হৈছে কোৰআন আৰু হাদীছক মজবুতভাৱে ধাৰণ কৰা।
- উত্তম পন্থাৰে শাসকসকলৰ কথা মানিবলৈ উৎসাহিত কৰা হৈছে। লগতে সিহঁতে অত্যাচাৰ কৰিলেও সিহঁতৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ নিষেধ কৰিছে।
- ফিতনাৰ সময়ত বিশেষকৈ ছুন্নতৰ অনুসৰণ কৰিব লাগে আৰু হিকমত অনুযায়ী পদক্ষেপ লব লাগে।
- মানুহে নিজৰ কৰ্তব্য পালনত কেতিয়াও অৱহেলা কৰা উচিত নহয়। যদিও তাৰ ওপৰত কিছু পৰিমাণ অত্যাচাৰ হয়।
- এই হাদীছটোত এই নীতিৰ প্ৰমাণ পোৱা যায় যে, যদি দুটা বেয়া কৰ্মৰ সন্মুখীন হয় তেন্তে কম পৰিমাণ গুনাহৰ বিষয়টো গ্ৰহণ কৰিব লাগে। এইদৰে যদি দুটা ক্ষতিকৰ বিষয় থাকে তেন্তে তাৰ পৰা সদায় কম ক্ষতিকৰ বিষয়টোক চয়ন কৰিব লাগে।