- এই হাদীছটো হৈছে অন্যায়ক প্রতিহত কৰাৰ স্তৰসমূহৰ ক্ষেত্ৰত এটা মূলনীতি।
- পৰ্যায় অনুসৰি মুনকাৰক বাধা প্ৰদান কৰা উচিত, নিজৰ নিজৰ ক্ষমতা আৰু শক্তি অনুসাৰে।
- মুনকাৰ বা অন্যায়ৰ পৰা মানুহক বিৰত ৰখা বিষয়টো হৈছে ইছলামৰ এটা গুৰুত্বপূৰ্ণ বিষয়, যিটো দায়িত্বৰ পৰা কোনেও সাৰি নাযায়, এই দায়িত্ব প্ৰতিজন মুছলিমকে অৰ্পন কৰা হৈছে নিজৰ নিজৰ ক্ষমতা অনুসৰি।
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখাটো হৈছে ঈমানৰ এটা বৈশিষ্ট্য। ঈমান বৃদ্ধিও হয় আৰু হ্ৰাসো হয়।
- অন্যায়ক প্ৰতিহত কৰাৰ চৰ্ত হৈছে, বাধা প্ৰদান কৰা কামটো যে মুনকাৰ, সেইটো জনা হ'ব লাগিব।
- মুনকাৰক বাধা দিয়াৰ আৰু এটা চৰ্ত হৈছে এই যে, কোনো মুনকাৰ বা অন্যায়ক বাধা দিবলৈ গৈ তাতকৈ ডাঙৰ অন্যায় যাতে নহয়।
- মুনকাৰক বাধা প্ৰদান কৰাৰ কিছুমান নিয়ম-কানূন আছে, প্ৰতিজন মুছলিমে সেইবোৰ শিকি লোৱা উচিত।
- অন্যায়ক প্ৰতিহত কৰিবলৈ চৰীয়তি নিয়ম নীতি জনা আৰু সুক্ষ্ম জ্ঞান তথা দক্ষতা থকাটো প্ৰয়োজন।
- অন্তৰেৰে ঘৃণা নকৰাটো হৈছে দুৰ্বল ঈমানৰ পৰিচয়।