- সমাজক সুৰক্ষিত ৰাখিবলৈ আৰু মুক্তিৰ পথত অটল থাকিবলৈ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্ব অধিক।
- শিক্ষা প্ৰদানৰ অন্যতম এটা উপায় হৈছে উদাহৰণৰ দ্বাৰা বুজাই দিয়া। ইয়াৰ দ্বাৰা অস্পষ্ট বিষয়ক স্পষ্টভাৱে বুজাব পাৰি।
- অন্যায় কাম ঘটি থকা দেখিও তাক নিন্দা নকৰাটো ইমানেই বেয়া যে, ইয়াৰ ফলত সমগ্ৰ সমাজেই ক্ষতিগ্ৰস্ত হয়।
- অসৎকৰ্মত লিপ্ত ব্যক্তিক অসৎকৰ্ম কৰাৰ সুযোগ দিয়াটোৱে হৈছে সমাজ ধ্বংসৰ অন্যতম কাৰণ।
- বেয়া কাম সঠিক নিয়্যতেৰে কৰিলেও সেই কামটো সঠিক হৈ নাযায়।
- মুছলিম সমাজক সংশোধন কৰাৰ দায়িত্ব সকলোৰে, এয়া কোনো এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে।
- কিছুমান বিশেষ লোকৰ গুনাহৰ শাস্তি সকলোৱে ভোগ কৰিব লাগিব পাৰে, যদি সিহঁতক সেইবোৰ গুনাহৰ পৰা বাধা প্ৰদান কৰা নহয়।
- অসৎকৰ্মকাৰী লোকসকলে নিজৰ অসৎকৰ্মক সমাজৰ বাবে কল্যাণকৰ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, যিদৰে মুনাফিকসকলে কৰে।