- সৎপথৰ প্ৰতি আহ্বান কৰাৰ গুৰুত্ব, কাম সৰু হওক বা ডাঙৰ। আহ্বানকাৰীয়ে আমলকাৰীসকলৰ সমপৰিমান ছোৱাব অতিৰিক্তভাৱে লাভ কৰিব। এইটো হৈছে বান্দাসকলৰ প্ৰতি আল্লাহৰ এটা মহান অনুগ্ৰহ তথা দয়া।
- পথভ্ৰষ্টতাৰ প্ৰতি আহ্বান কৰাৰ ভয়ংকৰ পৰিণতি, বিভ্ৰান্তিৰ পৰিমাণ কম হওক বা বেছি। আনকি আহ্বানকাৰীয়েও আমলকাৰীৰ সমানে গুনাহৰ অধিকাৰী হ'ব।
- মানুহে আমল অনুসৰিয়ে প্ৰতিফল লাভ কৰে। গতিকে যিয়ে কল্যাণৰ পিনে কাৰোবাক আহ্বান কৰিব, সি তাৰ ওপৰত আমল কৰি যিমান ছোৱাব পাব, সেই পৰিমাণ ছোৱাব আহ্বানকাৰীয়েও পাব। এইদৰে যিয়ে কাৰোবাক বেয়া কামৰ প্ৰতি আহ্বান কৰিব, সি তাৰ ওপৰত আমল কৰি যিমান গুনাহ পাব, আহ্বানকাৰীয়েও সেই পৰিমাণ গুনাহৰ অধিকাৰী হ'ব।
- প্ৰতিজন মুছলিম ব্যক্তিয়ে সদায় সাৱধান থকা উচিত যে, সি যেন প্ৰকাশ্যভাৱে এনেকুৱা কোনো গুনাহ নকৰে, যিটো দেখি আনেও কৰিব। কাৰণ তাক দেখি যিয়েই সেই গুনাহ কৰিব, তাৰ গুনাহৰ সমানেই সিও গুনাহৰ অধিকাৰী হ'ব, যদিও সি তাক সেই গুনাহ কৰিবলৈ উৎসাহিত কৰা নাই।