- কোৰআনৰ সেইবোৰ আয়াতক মুহাকাম আয়াত বুলি কোৱা হয়, যিবোৰ আয়াতৰ ভাৱাৰ্থ স্পষ্ট আৰু সহজেই বুজিব পাৰি। আনহাতে মুতাশ্বাবিহ আয়াত সেইসমূহক কোৱা হয়, যিবোৰ আয়াতৰ একাধিক অৰ্থ আছে তথা যিবোৰ জানিবলৈ চিন্তা-চৰ্চা তথা গৱেষণাৰ প্ৰয়োজন।
- বক্ৰপন্থী আৰু বিদআতপন্থীৰ পৰা সতৰ্ক কৰা হৈছে, যিসকলে মানুহৰ মাজত জটিল বিষয়বোৰ উত্থাপন কৰি সংশয়ত পেলায় তথা মানুহক বিপথে পৰিচালিত কৰে।
- আয়াতৰ শেষত মহান আল্লাহে কৈছেঃ {وما يذكر إلا أولو الألباب} অৰ্থঃ দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। ইয়াৰ দ্বাৰা আল্লাহে বক্ৰপথ অৱলম্বনকাৰীসকলক নসাৎ কৰিছে আৰু উচ্চ জ্ঞানসম্পন্ন লোকসকলৰ প্ৰশংসা কৰিছে, অৰ্থাৎ এইটো বুজাইছে যে, যিসকলে শিক্ষা নলয় তথা উপদেশ গ্ৰহণ নকৰে আৰু যিসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁত জ্ঞান-বুদ্ধিসম্পন্ন লোক নহয়।
- মুতাশ্বাবিহাতৰ অনুসৰণ হৈছে বিভ্ৰান্ত হোৱাৰ অন্যতম কাৰণ।
- যিবোৰ আয়াতৰ অৰ্থ আসোৱাহযুক্ত তথা সহজে বুজিব নোৱাৰি সেইবোৰ আয়াতৰ বিপৰীতে মুহকাম তথা স্পষ্ট আয়াতৰ প্ৰতি মনোযোগ প্ৰদান কৰা জৰুৰী।
- মহান আল্লাহে কোৰআনৰ কিছুমান আয়াতক মুহকাম আৰু কিছুমান আয়াতক মুতাশ্বাবিহ হিচাপে ৰাখিছে, যাতে ইয়াৰ দ্বাৰা আহলে ঈমান আৰু গোমৰাহ তথা বিভ্ৰান্ত লোকসকলক পাৰ্থক্য কৰিব পৰা যায়।
- কোৰআনত মুতাশ্বাবিহ আয়াত থকাৰ অন্যতম আৰু এটা কাৰণ হৈছে, উলামাসকলক আন আন লোকৰ ওপৰত প্ৰাধান্য দিয়া। বিবেকক তাৰ ত্ৰুটি সম্পৰ্কে অৱগত কৰা, যাতে নিজৰ অক্ষমতাক স্বীকাৰ কৰি প্ৰতিপালকৰ ওচৰত নতমস্তক হ'ব পাৰে।
- গভীৰ জ্ঞান অৰ্জন কৰা আৰু সেই ক্ষেত্ৰত অটল থকাৰ গুৰুত্ব।
- { وما يعلم تأويله إلا الله والراسخون في العلم } অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আনহাতে যিসকল জ্ঞানত সুগভীৰ, এই সম্পৰ্কে তাফছীৰবিদসকলৰ দুটা অভিমত আছে, এই আয়াতত আল্লাহ শব্দত অকফ কৰিলে তাৱীলৰ অৰ্থ হ'ব, যি বিষয়ৰ প্ৰকৃত জ্ঞান আল্লাহৰ বাহিৰে আন কোনেও নাজানে, আৰু সেইটো জনাৰ কোনো উপায়ো নাই, যেনে- ৰূহ, ক্বিয়ামত যিবোৰৰ প্ৰকৃত জ্ঞান আল্লাহে গোপন ৰাখিছে, তেওঁৰ বাহিৰে আন কোনেও নাজানে, আৰু গভীৰ জ্ঞানী লোকসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু ইয়াৰ বাস্তৱতাক আল্লাহৰ ওপৰত এৰি দিয়ে, ফলত তেওঁলোক বিভ্ৰান্ত হোৱাৰ পৰা নিৰাপদ থাকে। আনহাতে যদি আয়াতটোত থকা আল্লাহ শব্দত অকফ কৰা নহয়, তেতিয়া তাৱীলৰ অৰ্থ হ'ব, তাফছীৰ, আৱিষ্কাৰ, বিস্তাৰিত বৰ্ণনা আদি। অৰ্থাৎ এনেকুৱা বিষয়, যি বিষয়ে আল্লাহ অৱগত, লগতে জ্ঞানীসকলেও অৱগত। ফলত তেওঁলোকে বিষয়টোৰ প্ৰতি ঈমান পোষণ কৰে আৰু মুহকাম আয়াতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰে।