- সকলোৰে প্ৰতি শুভকামনা পোষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
- দ্বীনৰ মাজত শুভকামনাৰ গুৰুত্ব অধিক।
- আক্বীদাহ বা বিশ্বাস, কথা আৰু কৰ্মৰ সমষ্টিৰ নামেই হৈছে দ্বীন।
- নছীহত বা শুভকামনাৰ দ্বাৰা বুজোৱা হৈছে যে, যাক উপদেশ দিয়া হৈছে তাৰ প্ৰতি আপোনাৰ অন্তৰ প্ৰৱঞ্চনা আদিৰ পৰা পৱিত্ৰ হ'ব লাগিব আৰু তাৰ কাৰণে কল্যাণ কামনা কৰিব লাগিব।
- ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দিয়া প্ৰশিক্ষণৰ সৌন্দর্য। কিয়নো তেখেতে প্রথমে সংক্ষেপে উল্লেখ কৰিছে আৰু তাৰ পিছত বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে।
- সর্বাধিক গুৰুত্বপূর্ণ বিষয়ৰ দ্বাৰা আৰম্ভ কৰা উচিত, তাৰ পিছত তাতকৈ যিটো কম গুৰুত্বপূৰ্ণ সেইটো বিষয় উল্লেখ কৰা উচিত। যেনে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্রথমে আল্লাহ, তাৰ পিছত তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম), তাৰ পিছত মুছলিম শাসক আৰু তাৰ পিছত তেখেতে সাধাৰণ জনগণৰ কল্যাণ কামনা কৰাৰ কথা উল্লেখ কৰিছে।