- চৰীয়তিভাৱে প্ৰমাণিত নোহোৱাকৈ কাৰোবাক ফাছিক্ব বা কুফৰৰ অপবাদ দিয়া হাৰাম।
- মানুহৰ ওপৰত যিকোনো ৰায়দানৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা আৰু তথ্য পৰীক্ষা কৰি কোৱা অনিবাৰ্য্য।
- ইবনু দাক্বীকুল ঈদে কৈছেঃ এইটো এটা কঠিন সতৰ্কবাণী, যিয়ে কোনো এজন মুছলিমক কাফিৰ বুলি অপবাদ দিয়ে, অথচ সি কাফিৰ নহয়। এইটো এটা ডাঙৰ সমস্যা।
- ইবনে হাজাৰ আল-আছক্বলানীয়ে কৈছে: কাকো 'ফাছিক' বুলি কোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ সঁচাকৈ ফাছিক বা কাফিৰ। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে এনে কথা কোৱা ব্যক্তি গুনাহগাৰ নহয়। এই ক্ষেত্ৰত দুটা দিশ আছে: যদি তেওঁ এই কথা উপদেশৰ উদ্দেশ্যে কয় বা আনক সেই ব্যক্তিৰ অৱস্থাৰ পৰা সতৰ্ক কৰাৰ বাবে কয়, তেন্তে এইটো বৈধ। কিন্তু যদি তেওঁৰ উদ্দেশ্য সেই ব্যক্তিক বদনাম কৰা, অপমান কৰা, বা কষ্ট দিয়া হয়, তেন্তে এইটো হাৰাম। কাৰণ চৰীয়তি বিধান মতে, সেই ব্যক্তিৰ ভুল-ত্ৰুটি গোপন ৰখা আৰু উত্তম পন্থাৰে তাক বুজাই দিয়া প্ৰয়োজন। যিহেতু ইয়াত নম্ৰতা আৰু ভদ্ৰতাৰ সৈতে সমাধান কৰাৰ উপায় আছে, তেনেক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা বৈধ নহয়। কাৰণ কঠোৰ মনোভাৱে সাধাৰণতে মানুহক সেই পাপত আৱদ্ধ কৰি ৰাখিবলৈ সুযোগ দিয়ে, বিশেষকৈ যেতিয়া হুকুম দিয়া ব্যক্তি গৰাকী, সেই ব্যক্তিৰ তুলনাত তলৰ পৰ্যায়ৰ হয়।