- আল্লাহৰ অবাধ্যতা নকৰাকৈ শাসকৰ আনুগত্য কৰা ওৱাজিব।
- এই হাদীছটোত কঠিন সতর্কবাণী আছে সেই ব্যক্তিৰ বাবে যিয়ে মুছলিমসকলৰ পৰা ওলাই যায় আৰু ইমামৰ আনুগত্যক নসাৎ কৰে আৰু মুছলিমসকলৰ জামাত ত্যাগ কৰে। যদি সেই ব্যক্তি এই অৱস্থাতে মৃত্যুবৰণ কৰে তেন্তে সি জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিব।
- হাদীছটোত জাতীয়তাবাদৰ পক্ষ অৱলম্বন কৰি যুদ্ধ কৰিবলৈ নিষেধ কৰা হৈছে।
- অংগীকাৰ তথা প্ৰতিশ্ৰুতি পূৰণ কৰা ওৱাজিব।
- আনুগত্য কৰা আৰু জামাতবদ্ধ হৈ থকাৰ মাজত আছে অসংখ্য কল্যাণ, নিৰাপত্তা, শান্তি তথা অৱস্থাৰ সংশোধন।
- ইয়াৰ দ্বাৰা জাহেলী যুগৰ অৱস্থাৰ সাদৃশ্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে।
- মুছলিমসকলৰ জামাতক মজবুতভাৱে ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।