- কুকুৰ পোহ পাল কৰা হাৰাম, কিন্তু বিশেষ প্ৰয়োজনত ৰাখিব পাৰে, যেনে- চিকাৰ কৰিবলৈ, অথবা ঘৰচীয়া জন্তুৰ জাকক সুৰক্ষা দিবলৈ আৰু খেতিৰ কামত ব্যৱহাৰ কৰিবলৈ।
- ছবি ৰখাটো হৈছে এটা মহা পাপ, ইয়াৰ ফলত ৰহমতৰ ফিৰিস্তা আঁতৰি যায়। এনেকুৱা ছবি ঘৰত থাকিলে সেই ঘৰ ৰহমতৰ পৰা বঞ্চিত হয়। উদাহৰণস্বৰূপে কুকুৰ।
- ঘৰত কুকুৰ আৰু জীৱ-জন্তুৰ ছবি থাকিলে ফিৰিস্তা প্ৰৱেশ নকৰে, ইয়াৰ দ্বাৰা ৰহমতৰ ফিৰিস্তাক বুজোৱা হৈছে। আনহাতে যিসকল ফিৰিস্তাক নিৰ্দিষ্ট দায়িত্ব দিয়া হৈছে, যেনে- মৃত্যুৰ ফিৰিস্তা আদি, তেওঁলোকে প্ৰত্যেক ঘৰতে প্ৰৱেশ কৰে।
- দেৱাল আদিত প্ৰাণীৰ ছবি আঁৰি থোৱা হাৰাম।
- খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ যি ঘৰত কুকুৰ আৰু প্ৰাণীৰ ছবি থাকে তাত ফিৰিস্তা প্ৰৱেশ নকৰে, কাৰণ কুকুৰ আৰু প্ৰাণীৰ ছবি ৰখা হাৰাম। কিন্তু যিটো হাৰাম নহয় যেনে- চিকাৰী কুকুৰ, খেতিত ব্যৱহাৰ কৰা কুকুৰ, ঘৰচীয়া জন্তুৰ চোৱাচিতা কৰা কুকুৰ আৰু এনেকুৱা ছবি যিটো কাৰ্পেট আৰু গাৰু আদিত ব্যৱহাৰ হয় তাত কোনো অসুবিধা নাই। ইয়াৰ ফলত ফিৰিস্তাসকলৰ প্ৰৱেশত কোনো বাধা নাই।