- চয়তানৰ কুমন্ত্ৰণা আৰু ইয়াৰ ক্ষয়-ক্ষতিৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে, লগতে এনেকুৱা চিন্তা মনলৈ অহাৰ লগে লগে সেইটো বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। লগতে এনেকুৱা চিন্তা ধাৰাক দূৰ কৰিবলৈ আল্লাহৰ ওচৰত মিনতি কৰাৰ কথা কোৱা হৈছে।
- মানুহৰ মনত চৰীয়ত বিৰোধী যি অছৱাছাই সৃষ্টি হয় সেইটোৱে হৈছে চয়তানৰ কুমন্ত্ৰণা।
- আল্লাহৰ সত্ত্বা সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ নিষেধ কৰা হৈছে। বৰং তেওঁৰ সৃষ্টিজগত আৰু তেওঁৰ নিদৰ্শনসমূহকলৈ চিন্তা চৰ্চা কৰিবলৈহে উৎসাহিত কৰা হৈছে।