- "আল্লাহে যি বিচাৰে আৰু আপুনি যি বিচাৰে", এই কথা বা এই ধৰণৰ অন্য যিকোনো কথা য'ত আল্লাহৰ সৈতে "আৰু" শব্দ ব্যৱহাৰ কৰি বান্দাৰ কথা কোৱা হৈছে, তেনেকুৱা কথা কোৱা হাৰাম। কাৰণ এইটো হৈছে কথাৰ মাধ্যমত কৰা শ্বিৰ্ক।
- "আল্লাহে যি বিচাৰে আৰু তাৰ পিছত আপুনি যি বিচাৰে", এনেকুৱা কথা য'ত আল্লাহৰ সৈতে বান্দা সম্পৰ্কীয় কোনো বিষয়ক যুক্ত কৰিবলৈ "তাৰ পিছত" শব্দ ব্যৱহাৰ হৈছে তেনেকুৱা কথা কোৱাত কোনো অসুবিধা নাই।
- হাদীছটোৰ দ্বাৰা প্ৰমাণিত হ'ল যে, আল্লাহৰ ইচ্ছা শক্তি আছে আৰু বান্দাৰো ইচ্ছা শক্তি আছে। লগতে এই কথাও স্পষ্ট কৰা হৈছে যে, বান্দাৰ ইচ্ছা হৈছে আল্লাহৰ ইচ্ছাৰ অধীনস্থ।
- আল্লাহৰ ইচ্ছাত বান্দাক অংশীদাৰ কৰিবলৈ নিষেধ কৰা হৈছে, যদিও শাব্দিক অংশীদাৰেই নহওক কিয়।
- যদি কোনোবাই এই বিশ্বাস কৰে যে, বান্দাৰ ইচ্ছাও সৰ্বশক্তিমান আল্লাহৰ ইচ্ছাৰ দৰেই অসীম তথা ব্যাপক, অথবা বান্দাৰ ওচৰত আল্লাহৰ ইচ্ছাতকৈ স্বতন্ত্ৰ কোনো ইচ্ছাশক্তি আছে, তেন্তে এইটো হ'ব শ্বিৰ্কে আকবাৰ। আনহাতে যদি আল্লাহৰ ইচ্ছাতকৈ স্বতন্ত্ৰ কিন্তু কম বুলি বিশ্বাস কৰে তেন্তে সেইটো হ'ব শ্বিৰ্কে আচগাৰ।