- তাওহীদ আৰু আক্বীদাক সংৰক্ষণ কৰা হৈছে, সেইবোৰ বিষয়ৰ পৰা যিবোৰ বিষয়ে ইয়াক ক্ষতি কৰে।
- তাৱীজ, কবচ, সূতা, কড়া আৰু শ্বিৰ্কিয়্যা বাক্যৰ দ্বাৰা জৰাফুঁকা কৰা আদি সকলো হাৰাম।
- উক্ত তিনিটা বস্তুক যদি কোনোবাই ৰোগমুক্তিৰ অছীলা বুলি বিশ্বাস কৰে তেন্তে সেইটো হ'ব শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক। কিয়নো চৰীয়তে এইবোৰক উপায় হিচাপে নিৰ্ধাৰণ কৰা নাই। আনহাতে যদি কোনোবাই স্বয়ং এইবোৰকে উপকাৰ বা ক্ষতিৰ উৎস হিচাপে গণ্য কৰে তেন্তে সেইটো হ'ব শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক।
- শ্বিৰ্কিয়্যা তথা হাৰাম উপায় অৱলম্বন কৰাৰ পৰা সতৰ্ক কৰা হৈছে।
- মন্ত্ৰৰ দ্বাৰা জৰাফুঁকা, তাৱীজ-কবচ আদি নিষিদ্ধ, কিয়নো এইবোৰ হৈছে শ্বিৰ্ক। কিন্তু চৰীয়ত সন্মত উপায়েৰে জৰাফুঁকা কৰা বৈধ।
- একমাত্র আল্লাহৰ সৈতেই অন্তৰক সম্পৃক্ত ৰখা উচিত। ক্ষতি আৰু উপকাৰ তেওঁৰ পৰাই হয়, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে আল্লাহৰ বাহিৰে আন কাৰো ফালৰ পৰা কল্যাণ আহিব নোৱাৰে। আনহাতে আল্লাহৰ বাহিৰে আন কোনোৱে অকল্যাণো দূৰ কৰিব নোৱাৰে।
- এই তিনিটা চৰ্ত থাকিলেহে জৰাফুঁকা বৈধ হ'ব: ১) এই বিশ্বাস কৰা যে, এইটো হৈছে এটা মাধ্যম মাত্র। আল্লাহৰ আদেশ অবিহনে এইবোৰে কোনো উপকাৰ কৰিব নোৱাৰে। ২) যিবোৰ বাক্যৰ জৰিয়তে জৰাফুঁকা কৰিব সেইবোৰ কোৰআনৰ আয়াত হ'ব লাগিব, নহ'লে আল্লাহৰ নাম তথা চিফাত (গুণবাচক নাম) হ'ব লাগিব, অথবা হাদীছত বৰ্ণিত কোনো দু‘আহ নাইবা চৰীয়তসন্মত কোনো দু‘আ হ'ব লাগিব। ৩) ইয়াৰ ভাষা বোধগম্য হ'ব লাগিব, পক্ষান্তৰে তাৱীজ বা যাদুবিদ্যাৰ অন্তৰ্ভুক্ত যাতে নহয়।