- আল্লাহৰ ওপৰত ভৰসা কৰা ওৱাজিব আৰু তেখেতে নিৰ্ধাৰণ কৰা ভাগ্য তথা তাক্বদীৰৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য। পক্ষান্তৰে চৰাই উৰুৱাই মঙ্গল-অমঙ্গল বিশ্বাস কৰা, কোনো বস্তুক কু-লক্ষণ বুলি গণ্য কৰা, যাদু কৰা, ভৱিষ্যৎ গণনা কৰা আৰু জ্যোতিষিৰ ওচৰলৈ যোৱা আদি সকলো কৰ্মই হৈছে হাৰাম।
- গায়েবৰ জ্ঞান থকা বুলি দাবী কৰাটো হৈছে শ্বিৰ্ক, আৰু এইটো হৈছে তাওহীদৰ পৰিপন্থী।
- জ্যোতিষি আদিৰ ভৱিষ্যৎ বাণীক বিশ্বাস কৰা আৰু সিহঁতৰ ওচৰলৈ যোৱা হাৰাম। গ্ৰহ-নক্ষত্ৰক কেন্দ্ৰ কৰি কোৱা কথা, বাটি-পিয়লা আদি চালান কৰা, ৰাশিফল বিশ্বাস কৰা আদিও ইয়াৰেই অন্তৰ্ভুক্ত। আনকি জনাৰ উদ্দেশ্যেও এইবোৰ কৰা হাৰাম।