- হাদীছটোৰ দ্বাৰা আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ মৰ্যাদা প্ৰস্ফুটিত হৈছে। তেওঁ আছিল চাহাবাসকলৰ মাজত সৰ্বোত্তম চাহাবী। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত মানুহৰ মাজত খিলাফতৰ সৰ্বোচ্চ হকদাৰ।
- কবৰৰ ওপৰত মছজিদ নির্মাণ কৰাটো হৈছে পূৰ্বৱৰ্তী উম্মতসকলৰ এটা অন্যতম নিকৃষ্ট কৰ্ম।
- কবৰসমূহক ইবাদতৰ স্থান বনোৱা হাৰাম, য’ত চালাত আদায় কৰা হয় বা যাৰ ফালে মুখ কৰি চালাত আদায় কৰা হয়। ইয়াৰ বাহিৰেও তাৰ ওপৰত মছজিদ নিৰ্মাণ কৰা বা গম্বুজ আদি নিৰ্মাণ কৰা হাৰাম। যাতে ইয়াৰ ফলত শ্বিৰ্কৰ মাজত পতিত হোৱাৰ সম্ভাৱনা নাথাকে।
- শ্বিৰ্কৰ দুৱাৰ বন্ধ কৰাৰ উদ্দেশ্যে পূণ্যৱান লোকসকলৰ ক্ষেত্ৰত সীমালংঘন কৰিবলৈ সতৰ্ক কৰা হৈছে।
- বিষয়টোৰ ভয়াৱহতা অনুমান কৰক যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ পাঁচ দিন পূৰ্বেও বিষয়টো সম্পৰ্কে গুৰুত্ব সহকাৰে সতৰ্ক কৰিছে।