- বৰষুণ হোৱাৰ পাছত এই কথা কোৱা মুস্তাহাব তথা পছন্দনীয় যে, আল্লাহৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ হ'ল।
- বৰষুণ আদিৰ দৰে কোনো নিয়ামতক যদি কোনোবাই নক্ষত্ৰৰ সৈতে সম্পৃক্ত কৰে তথা নক্ষত্ৰক এনেকুৱা নিয়ামতৰ সৃষ্টিকৰ্তা আৰু আৱিষ্কাৰক বুলি ভাবিছে তেন্তে সি কুফৰে আকবৰ বা ডাঙৰ কুফৰ কৰিছে। আনহাতে যদি কোনোবাই নক্ষত্ৰক বৰষুণ হোৱাৰ কাৰণ হিচাপে গণ্য কৰে তেন্তে সি কুফৰে আচগৰ বা সৰু কুফৰ কৰিছে, কিয়নো চৰীয়ত আৰু বাহ্যিক কোনো এটা কাৰণেই ইয়াৰ সৈতে জৰিত নহয়।
- নিয়ামত বিলাকো কুফৰৰ কাৰণ হয়, যদি সেইবোৰক কোনোবাই অস্বীকাৰ কৰে। আনহাতে যদি কৃতজ্ঞতা প্ৰকাশ কৰা হয় তেন্তে ঈমান লাভৰ কাৰণ হয়।
- এনেকুৱা কথা ক'বলৈ নিষেধ কৰা হৈছেঃ "অমুক তৰা দেখা দিয়াৰ ফলত বৰষুণ হৈছে", যদিও ইয়াৰ দ্বাৰা সময়ক বুজোৱা হওক, তথাপিও এনেকুৱা কথাৰ পৰা নিষেধ কৰা হৈছে, যাতে শ্বিৰ্কৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ হয়।
- বিপদ-আপদৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰত আৰু নিয়ামতৰ দ্বাৰা উপকৃত হোৱাৰ ক্ষেত্ৰতো আল্লাহৰ সৈতে আন্তৰিকভাৱে সম্পৰ্ক স্থাপন কৰা অনিবাৰ্য।