- শপতৰ জৰিয়তে তাজীম বা সন্মান পোৱাৰ একমাত্ৰ অধিকাৰী হৈছে মহান আল্লাহ। সেয়ে আল্লাহৰ সত্ত্বা, তেওঁৰ সুন্দৰ সুন্দৰ নাম আৰু তেওঁৰ গুণাৱলীৰ বাহিৰে আন কাৰো নামত শপত খোৱা বৈধ নহয়।
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা মানুহক বাধা দিয়াৰ ক্ষেত্ৰত চাহাবাসকল খুবেই আগ্ৰহী আছিল। বিশেষকৈ যদি সেই অসৎকৰ্মটো হয় শ্বিৰ্ক অথবা কুফৰ সম্পৰ্কীয়, তেন্তে সেইটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।