মূল পৃষ্ঠা
আমি কোন
as
العربية - عربي
English - إنجليزي
español - إسباني
português - برتغالي
Kiswahili - سواحيلي
Français - فرنسي
Русский - روسي
اردو - أردو
italiano - إيطالي
Türkçe - تركي
አማርኛ - أمهري
ไทย - تايلندي
සිංහල - سنهالي
Wikang Tagalog - فلبيني تجالوج
Tiếng Việt - فيتنامي
नेपाली - نيبالي
Hausa - هوسا
Wollof - ولوف
বাংলা - بنغالي
ئۇيغۇرچە - أيغوري
অসমীয়া - آسامي
فارسی - فارسي
فارسی دری - دري
azərbaycanca - أذري
Ўзбек - أوزبكي
Deutsch - ألماني
Shqip - ألباني
فلبيني مرناو - فلبيني مرناو
български - بلغاري
ဗမာ - بورمي
bosanski - بوسني
polski - بولندي
தமிழ் - تاميلي
татар теле - تتاري
română - روماني
svenska - سويدي
Soomaali - صومالي
тоҷикӣ - طاجيكي
Pulaar - فولاني
कश्मीरी - كشميري
bahasa Melayu - ملايو
മലയാളം - مليالم
magyar - هنجاري مجري
हिन्दी - هندي
Èdè Yorùbá - يوربا
ελληνικά - يوناني
қазақ тілі - كازاخي
中文 - صيني
Bahasa Indonesia - إندونيسي
پښتو - بشتو
Luganda - لوغندي
తెలుగు - تلقو
日本語 - ياباني
ትግርኛ - تجريني
Кыргызча - قرغيزي
Kurdî - كردي
Nederlands - هولندي
čeština - تشيكي
українська - أوكراني
suomi - فنلندي
Norwegian - نرويجي
ქართული - جورجي
ދިވެހި - ديفهي
Türkmençe - تركماني
afaan oromoo - أورومو
ភាសាខ្មែរ - خميرية
ಕನ್ನಡ - كنادي
lietuvių - ليتواني
bamanankan - بامبارا
Soninke - سوننكي
Malagasy - ملاغاشي
Sängö - سانجو
Српски - صربي
Afaraf - عفري
Kinyarwanda - كينيارواندا
Bi zimanê Kurdî - كردي كرمنجي
Akan - أكاني
Chichewa - شيشيوا
ગુજરાતી - غوجاراتية
Mõõré - موري
créole - كريولي
মূল পৃষ্ঠা
আমি কোন
Contact Us
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তো...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মহান আল্লাহে কৈছেঃ হে আদম সন্তান! তোমালোকে ওৱাজিব আৰু মুস্তাহাব আদি শিতানত ব্যয় কৰা, মই তোমালোকক ই...
আবু মাছঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেও...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পৰিয়ালৰ লোকসকলৰ ওপৰত ব্যয় কৰে যেনে- স্ত্ৰী, মাতা-পিতা, সন্তান-সন্ততি...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মৃত্যুৰ লগে লগে তাৰ আমলৰ দুৱাৰসমূহ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰে মৃত্যুৰ পিছত নেক...
মালিক বিন আওছ বিন হাদাছানৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এই কথা কৈ কৈ গৈ আছিলোঁ যে, দিৰহাম বিনিময় কৰিব পৰা কোনোবা আছেনে? তেতিয়া ত্বলহা বিন উবাইদুল্লাহে ক'...
তাবেয়ী মালিক বিন আনাছে জনাইছে যে, তেওঁৰ ওচৰত কেইটামান স্বৰ্ণমুদ্ৰা আছিল, যিবোৰ তেওঁ ৰৌপ্যমুদ্ৰাৰ জৰিয়তে বিনিময় কৰিব বিচাৰিছিল। ত্বলহা বিন উবাইদুল্লাহ...
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজ...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য কৰিছে। ইয়াৰ পৰিমাণ হৈছে এক ছা, অৰ্থাৎ চাৰি মুদ্দ। মুদ্দ কোৱা হয়ঃ এজন মধ্যম...
মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।"
Hadeeth details
যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেওঁ চাদাক্বাৰ ছোৱাব পায়।
আবু মাছঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেওঁ চাদাক্বাৰ ছোৱাব পায়।"
Hadeeth details
যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।"
Hadeeth details
সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে ...
মালিক বিন আওছ বিন হাদাছানৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এই কথা কৈ কৈ গৈ আছিলোঁ যে, দিৰহাম বিনিময় কৰিব পৰা কোনোবা আছেনে? তেতিয়া ত্বলহা বিন উবাইদুল্লাহে ক'লে, তেওঁ সেই সময়ত ওমৰ ইবনুল খাত্তাবৰ ওচৰত বহি আছিল। তোমাৰ সোণখিনি আমাক দেখুৱাচোন, আৰু তুমি পিছত আহিবা, যেতিয়া আমাৰ দাস আহি পাব তেতিয়া তোমাক দিবলগীয়া ৰূপৰ মুদ্ৰাখিনি প্ৰদান কৰিম। এই কথা শুনি ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নহয়, এইটো হ'ব নোৱাৰে, আল্লাহৰ শপত! হয় তুমি এতিয়াই তাক ৰূপৰ মুদ্ৰা প্ৰদান কৰা, নহয় তাৰ সোণ তাক ঘূৰাই দিয়া। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।"
Hadeeth details
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো ...
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
Hadeeth details
হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।...
আব্দুল্লাহ বিন ছালাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আহিল, তেতিয়া মানুহে তেখেতৰ ফালে ঢাপলি মেলিলে। তেওঁলোকে কৈ আছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে, আল্লাহৰ ৰাছুল আহিছে, আল্লাহৰ ৰাছুল আহিছে, তিনিবাৰ। ময়ো দেখিবলৈ মানুহৰ সৈতে তাত গৈ উপস্থিত হ'লোঁ। যেতিয়া মই তেখেতৰ মুখমণ্ডল ভালকৈ চালোঁ, তেতিয়া মই নিশ্চিত হ'লোঁ যে, এইটো কোনো মিছলীয়াৰ মুখমণ্ডল হ'ব নোৱাৰে। সেই সময়ত তেখেতৰ পৰা মই প্ৰথমে যিটো কথা শুনিছিলোঁ, সেয়া আছিল এইটোঃ "হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
Hadeeth details
আল্লাহ তা‘আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা‘আলাই মুমিনসকলক কেৱল সেই কাম কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছিল।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তা‘আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা‘আলাই মুমিনসকলক কেৱল সেই কাম কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছিল। এতেকে আল্লাহ তা‘আলাই কৈছে: (হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।) আল্লাহ তা‘আলাই আৰু কৈছে: (হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছোঁ তাৰ পৰা আহাৰ কৰা।) ইয়াৰ পিছত তেখেতে (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনে এজন ব্যক্তিৰ কথা উল্লেখ কৰিলে যিজন ব্যক্তি দীৰ্ঘ ছফৰত ওলাইছে, আৰু যাৰ চুলিবোৰ অপৰিপাটি তথা ফণিওৱা নাই, লগতে তাৰ কাপোৰ ধূলি বালিৰে ময়লা হৈছে। এনে অৱস্থাত সি নিজৰ দুহাত আকাশৰ ফালে দাঙি এইদৰে দুআ কৰিবলৈ ধৰে আৰু কয়: হে মোৰ ৰব্ব! হে মোৰ ৰব্ব! অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ’ব!?
Hadeeth details
“ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”
Hadeeth details
আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।...
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।
Hadeeth details
(প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ (প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, তেতিয়া আল্লাহে তেওঁক ক্ষমা কৰি দিলে।
Hadeeth details
নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।...
খাওলাহ আল-আনচাৰিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই শুনিছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।"
Hadeeth details
মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। ৰোজা হৈছে ঢালস্বৰূপ। এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে, সি যেন বেয়া ভাষা নকয় আৰু হৈ-হাল্লা নকৰে। কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়, মই ৰোজা ৰাখিছোঁ। শপত সেই মহান সত্তাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট। ৰোজাদাৰ ব্যক্তিৰ বাবে আছে দুটা আনন্দৰ সময়, যেতিয়া তেওঁ আনন্দিত হয়। ১- যেতিয়া ইফতাৰ কৰে তেতিয়া আনন্দিত হয়। ২- আৰু যেতিয়া নিজ প্ৰতিপালকৰ সৈতে সাক্ষাৎ কৰিব, তেতিয়া তেওঁ নিজৰ ৰোজাকলৈ আনন্দিত হ'ব।"
Hadeeth details
‹
1
2
...
14
15
16
17
18
19
20
...
30
31
›
Share
Use the QR code to easily share the message of Islam with others
Copy Link
copied!
আমাৰ সৈতে যোগাযোগ কৰক
×
নাম
ই-মেইল
বাৰ্তা
আমাৰ সৈতে যোগাযোগ কৰক
×
যোগাযোগৰ বাবে ধন্যবাদ, ইন শ্বা আল্লাহ আমি আপোনাৰ বাৰ্তা
Share