- এই হাদীছটোত পাঁচ প্ৰকাৰৰ বস্তুৰ কথা উল্লেখ হৈছে। সোণ, ৰূপ, ঘেঁহু, যৱ আৰু খেজুৰ। যদি এইবোৰ বস্তু একে জাতীয় বস্তুৰে ক্ৰয়-বিক্ৰয় কৰা হয় তেন্তে লেনদেনৰ বাবে দুটা চৰ্ত জৰুৰী। চুক্তিৰ বৈঠকতে লেনদেন সম্পন্ন কৰিব লাগিব। দ্বিতীয় চৰ্ত হৈছে, সমান পৰিমাণৰ বস্তু লেনদেন কৰিব লাগিব। অন্যথা এইটো ৰিবাল ফজল বা অতিৰিক্ত সুতত পৰিণত হ'ব। আনহাতে যদি দুয়োটা বেলেগ বস্তু হয়, যেনে- ৰূপৰ বিনিময়ত ঘেঁহু, তেন্তে ইয়াৰ বাবে এটাই চৰ্ত, সেইটো হৈছে চুক্তিৰ বৈঠকতে মূল্য গ্ৰহণ কৰিব লাগিব, নহ'লে সেইটো ৰিবান নাছীআহ বা বিলম্বিত সুতত পৰিণত হ'ব।
- চুক্তিৰ বৈঠক বুলি ক্ৰয়-বিক্ৰয় চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সময়ক বুজোৱা হৈছে। সেয়া বহি থকাৰ সময়তে হওক বা গৈ থকাৰ সময়ত নাইবা বাহনত থকাৰ সময়ত। পৃথক হোৱাৰ দ্বাৰা সাধাৰণতে মানুহে যিটোক পৃথক বুলি গণ্য কৰে সেইটোকে বুজোৱা হৈছে।
- হাদীছটোত যিটো নিষেধ কৰা হৈছে তাৰ ভিতৰত সকলো প্ৰকাৰ সোণ আৰু ৰূপকে সামৰি লোৱা হৈছে, সেয়া ঢালাইকৃত হওক বা বেলেগ কোনো ৰূপত।
- সোণ-ৰূপৰ নিয়ম নীতিয়ে বৰ্তমান সময়ৰ কাৰেন্সীৰ ওপৰত প্ৰযোজ্য। গতিকে যদি আপুনি কোনো দেশৰ কাৰেন্সীৰ লগত বেলেগ কোনো কাৰেন্সী আদান প্ৰদান কৰে, উদাহৰণস্বৰূপে ৰিয়ালৰ সৈতে টকাৰ লেনদেন, তেন্তে ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে দুয়ো পক্ষই আদান-প্ৰদান কৰিব লাগিব, অন্যথা সেইটো বৈধ নহ'ব, আৰু সুতত পৰিণত হ'ব, যিটোক হাৰাম কৰা হৈছে।
- সুত হ'ব পৰা লেনদেন বৈধ নহয়। যদিও দুয়ো পক্ষৰ সন্মতিত হয়। কিয়নো ইছলামে মানুহৰ আৰু সমাজ ব্যৱস্থাৰ অধিকাৰ সুৰক্ষিত কৰিছে। যদিও সিহঁতে সেইটোক অৱজ্ঞা কৰে।
- সক্ষম অনুযায়ী বেয়া কৰ্মক নসাৎ কৰা আৰু বাধা দিয়া জৰুৰী।
- বেয়া কৰ্মক নসাৎ কৰাৰ সময়ত প্ৰমাণ উল্লেখ কৰিব লাগে। যিদৰে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৰিছিল।