- মহান আল্লাহ সত্তাগতভাৱে, বৈশিষ্ট্যগতভাৱে, লগতে কৰ্ম আৰু বিধান প্ৰণয়নৰ ক্ষেত্ৰত স্বয়ংসম্পূৰ্ণ তথা পৰিপূৰ্ণতাৰ অধিকাৰী।
- ইখলাচৰ সৈতে তথা নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিয়া পদ্ধতি মোতাবিক আমল কৰিবলৈ নিৰ্দেশ দিছে।
- যিবোৰ কৰ্মই উৎসাহিত কৰে, তেনেকুৱা কৰ্মক আমলত পৰিণত কৰা। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় মহান আল্লাহে ৰাছুলসকলক যি নিৰ্দেশ দিছে, সেইটোৱে মুমিনসকলকো নিৰ্দেশ দিছে। এতেকে মুমিনে যেতিয়া জানিব যে, এইটো ৰাছুলসকলক দিয়া নিৰ্দেশ, তেতিয়া লগে লগে সেইটোক আমলত পৰিণত কৰা উচিত।
- হাৰাম খাদ্য হৈছে দুআ কবুল নোহোৱাৰ অন্যতম এটা কাৰণ।
- পাঁচটা বস্তু হৈছে দুআ কবুল হোৱাৰ অন্যতম উপায়। ১) দূৰৱৰ্তী ভ্ৰমণত বিনয়ী অৱস্থাত কৰা দুআ হৈছে দুআ কবুল হোৱাৰ অন্যতম এটা ডাঙৰ উপায়। ২) অসহায় অৱস্থাত দুআ কৰা। ৩) আকাশৰ পিনে হাত তুলি দুআ কৰা। ৪) আল্লাহৰ প্ৰভুত্ব স্বীকাৰ কৰি তেওঁক মাতি কান্দি কান্দি দুআ কৰা। বিচৰা বস্তু পোৱাৰ তথা দুআ কবুল হোৱাৰ এইটোও এটা অন্যতম উপায়। ৫) পৱিত্ৰ তথা হালাল খাদ্যদ্ৰৱ্য ভক্ষণ কৰা।
- পৱিত্ৰ তথা হালাল খাদ্য হৈছে সৎকৰ্মৰ অন্যতম সহায়ক।
- ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ পৱিত্ৰ হৈছে অপৱিত্ৰৰ পৰিপন্থী। গতিকে এইটো যদি মহান আল্লাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা বুজোৱা হয় যে, তেওঁ সকলো প্ৰকাৰ অসম্পূৰ্ণতাৰ পৰা সুৰক্ষিত আৰু সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। যেতিয়া এইটো বান্দাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ অৰ্থ হয় যে, তেওঁ বেয়া আচৰণ আৰু বেয়া কৰ্মৰ পৰা আঁতৰত তথা ভাল গুণেৰে সুসজ্জিত। যেতিয়া এইটো সম্পদৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ দ্বাৰা বুজোৱা হয় যে, এইটো হালাল আৰু উত্তম সম্পদ।