- ৰোজাৰ ফজিলত। ৰোজাই ৰোজাদাৰক পৃথিৱীত প্ৰবৃত্তিৰ কামনা-বাসনাৰ পৰা বিৰত ৰাখে আৰু আখিৰাতত জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰে।
- ৰোজাৰ অন্যতম এটা পালনীয় নীতি হৈছে যে, ৰোজা অৱস্থাত বেয়া কথা, অশ্লীল ভাষা আৰু অলাগতিয়াল আলোচনাৰ পৰা আঁতৰি থকা। মানুহৰ নিৰ্যাতনত ধৈৰ্য্য ধৰা, কোনোবাই বেয়া আচৰণ কৰিলে ধৈৰ্য্য আৰু এহছানৰ সৈতে সমাধান কৰা।
- ৰোজাদাৰ হওক অথবা কোনো ইবাদতকাৰী, যদি ইবাদত সম্পূৰ্ণ হোৱাৰ পিছত আনন্দিত হয়, তেন্তে ইয়াৰ ফলত আখিৰাতত তাৰ কোনো ছোৱাব হ্ৰাস কৰা নহ'ব।
- পূৰ্ণাংগ আনন্দ লাভ কৰিব আল্লাহৰ সৈতে সাক্ষাতৰ সময়ত। যেতিয়া আল্লাহে ধৈৰ্য্য ধাৰণকাৰীসকলক আৰু ৰোজাদাৰসকলক পৰিপূৰ্ণৰূপে অগণন ছোৱাব প্ৰদান কৰিব।
- কাৰণবশতঃ তথা প্ৰয়োজনত মানুহক নিজৰ ইবাদত সম্পৰ্কে অৱগত কৰোৱাটো কোনো ৰিয়া নহয়। যেনে- হাদীছটোত কোৱা হৈছে (মই ৰোজা অৱস্থাত আছোঁ)।
- পূৰ্ণাংগ ৰোজাদাৰ হৈছে সেই ব্যক্তি, ৰোজা অৱস্থাত যাৰ অংগ-প্ৰত্যংগ গুনাহৰ পৰা বিৰত থাকে, যাৰ জিভা মিছা কথা, অশ্লীল ভাষা, মিছা সাক্ষ্যৰ পৰা বিৰত থাকে, আৰু যাৰ পেট পানাহাৰৰ পৰা বিৰত থাকে।
- ৰোজাৰ অৱস্থাত কাজিয়া-পেচাল, চিঞৰ-বাখৰ, হৈ-হাল্লা কৰিবলৈ গুৰুত্ব সহকাৰে নিষেধ কৰা হৈছে। অন্যথা ৰোজাৰ বাহিৰে অন্যান্য অৱস্থাতো এইবোৰ কৰাটো নিষেধ।
- এই হাদীছটো হৈছে সেইবোৰ হাদীছৰ অন্তৰ্ভুক্ত, যিবোৰ হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং আল্লাহৰ পৰা বৰ্ণনা কৰিছে। এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বুলি কোৱা হয়। এইবোৰ হাদীছৰ শব্দ আৰু অৰ্থ দুয়োটাই আল্লাহৰ পৰা বৰ্ণিত। কিন্তু এইবোৰৰ মাজত কোৰআনৰ কোনো বৈশিষ্ট্য নাই, যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, কোৰআন পঢ়িবলৈ পৱিত্ৰতা লাগে, এইদৰে কোৰআনৰ আয়াতৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে আৰু কোৰআনৰ মাজত আছে অলৌকিকতা।