- ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য প্ৰতিজন মুছলিম ব্যক্তিৰ ফালৰ পৰা, সৰু হওক বা ডাঙৰ, দাস হওক বা স্বাধীন ব্যক্তি। এয়া আদায় কৰিব পৰিয়ালৰ মুৰব্বীয়ে আৰু দাসৰ মালিকে। প্ৰত্যেক দায়িত্বশীল ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালী তথা পৰিয়ালৰ ফালৰ পৰা আৰু প্ৰত্যেক সেই ব্যক্তিৰ ফালৰ পৰা আদায় কৰিব যাৰ ভৰণ-পোষণৰ দায়িত্ব তাৰ ওপৰত আছে।
- গৰ্ভত থকা সন্তানৰ ফালৰ পৰা ফিতৰা আদায় কৰাটো ওৱাজিব নহয়, বৰং মুস্তাহাব।
- ফিতৰাৰ বৰ্ণনা দিয়া হৈছে যে, মানুহৰ সাধাৰণ খাদ্যৰ দ্বাৰা এইটো আদায় দিব লাগে।
- ঈদৰ নামাজৰ আগতে ফিতৰা আদায় কৰা ওৱাজিব। ঈদৰ দিনা ৰাতিপুৱা আদায় কৰাটো বেছি উত্তম। আনহাতে ঈদৰ এদিন অথবা দুদিন আগত আদায় কৰিলেও কোনো অসুবিধা নাই।