- মানুহৰ ওচৰত যিবোৰ সম্পদ আছে সেইবোৰ মূলতে আল্লাহৰেই সম্পদ। আল্লাহে সিহঁতক প্রতিনিধি বনাইছে, সিহঁতে যেন উক্ত সম্পদ চৰীয়তসন্মত উপায়েৰে ব্যয় কৰে আৰু অন্যায়ভাৱে ব্যয় কৰাৰ পৰা বিৰত থাকে। ইয়াৰ ভিতৰত সাধাৰণ মানুহ আৰু শাসক সকলোৱে অন্তৰ্ভুক্ত।
- ৰাজহুৱা সম্পদৰ বিষয়ে ইছলামী চৰীয়তে অধিক কঠোৰতা অৱলম্বন কৰিছে। সিহঁতৰ মাজৰ যিয়েই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব, কিয়ামতৰ দিনা তাক এইবোৰ সম্পদৰ সংৰক্ষণ আৰু ব্যয় সম্পৰ্কে জবাবদিহি কৰা হ'ব।
- যিসকলে নিজৰ বা আনৰ কোনো সম্পদ অন্যায়ভাৱে অৰ্জন কৰে বা ব্যয় কৰে সিহঁতেও এই সতৰ্কবাণীৰ অন্তৰ্ভুক্ত।