- হাদীছটোত চাদাক্বাহ তথা আল্লাহৰ পথত ব্যয় কৰিবলৈ উৎসাহিত কৰা হৈছে।
- পূণ্যৰ কামত ব্যয় কৰাটো জীৱিকাত বৰকত লাভ কৰাৰ অন্যতম এটা ডাঙৰ কাৰণ। আল্লাহে ইয়াৰ বিনিময়ত বান্দাক প্ৰতিদান দান কৰে।
- এই হাদীছটো হৈছে সেইবোৰ হাদীছৰ অন্তৰ্ভুক্ত, যিবোৰ হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং আল্লাহৰ পৰা বৰ্ণনা কৰিছে। এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বুলি কোৱা হয়। এইবোৰ হাদীছৰ শব্দ আৰু অৰ্থ দুয়োটাই আল্লাহৰ পৰা বৰ্ণিত। কিন্তু এইবোৰৰ মাজত কোৰআনৰ কোনো বৈশিষ্ট্য নাই, যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, কোৰআন পঢ়িবলৈ পৱিত্ৰতা লাগে, কোৰআনৰ আয়াতৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে আৰু কোৰআনৰ মাজত অলৌকিকতা আছে।