- বিশেষজ্ঞ উলামাসকল এই কথাত একমত যে, মৃত্যুৰ পিছত মানুহে যিবোৰ উপায়ে ছোৱাব লাভ কৰে, তাৰে অন্যতম হৈছে, চাদাক্বাহ জাৰিয়াহ, আৰু এনেকুৱা উপকাৰী জ্ঞান যাৰ দ্বাৰা মানুহে উপকৃত হয়, লগতে আন এটা হৈছে দুআ। অন্যান্য হাদীছত হজ্জৰ কথাও উল্লেখ হৈছে।
- হাদীছত এই তিনিটা বিষয়ক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, এই তিনিটা হৈছে কল্যাণৰ মূল। এইকাৰণেই জ্ঞানী তথা গুণসম্পন্ন মানুহে নিজৰ পিছতো এইবোৰক সংৰক্ষণ কৰি ৰাখিব বিচাৰে।
- প্ৰত্যেক উপকাৰী ইল্মৰ দ্বাৰাই ছোৱাব অৰ্জন হয়, কিন্তু বিশেষকৈ শ্বাৰয়ী ইল্ম আৰু ইয়াৰ সমৰ্থনকাৰী বিজ্ঞানৰ গুৰুত্ব আৰু স্থান হৈছে আটাইতকৈ ওপৰত।
- উক্ত বিষয় তিনিটাৰ ভিতৰত জ্ঞান হৈছে আটাইতকৈ উপকাৰী; কাৰণ মানুহে শিকা জ্ঞানে তাক উপকৃত কৰে, আৰু এই জ্ঞানৰ দ্বাৰাই চৰীয়ত সুৰক্ষিত থাকে। জ্ঞানে ব্যক্তিগত বিকাশ আৰু আধ্যাত্মিক উন্নতিৰ লগতে সামগ্ৰিকভাৱে সমাজৰ উন্নতিত অৰিহণা যোগায়। কাৰণ এই জ্ঞান আপোনাৰ জীৱনকালত মানুহে শিকে আৰু আপোনাৰ মৃত্যুৰ পিছতো সেয়া বিদ্যমান থাকে।
- নেক সন্তান লালন-পালন কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ এনেকুৱা সন্তানেই পিতৃ-মাতৃক আখিৰাতত উপকৃত কৰে। এওঁলোকৰ দুআৰ জৰিয়তে তেওঁলোক উপকৃত হয়।
- পিতৃ-মাতৃৰ মৃত্যুৰ পিছতো তেওঁলোকৰ সৈতে এহছান কৰিবলৈ উৎসাহিত কৰা হৈছে। এইটোও হৈছে এক প্ৰকাৰ নেকী, ইয়াৰ ফলতো সন্তানে উপকৃত হ'ব।
- দুআৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হয়, যদিও দুআকাৰী তেওঁৰ সন্তান হওক বা নহওক। কিন্তু হাদীছটোত সন্তানৰ কথা এইকাৰণে নিৰ্দিষ্ট কৰা হৈছে, কাৰণ অন্য ব্যক্তিৰ তুলনাত সন্তানে মৃত্যুবৰণ নকৰালৈকে দুআ কৰিব।