আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে দুই শীতল নামাজ (ফজৰ আৰু আচৰ) আদায় কৰিব, ত...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই শীতল নামাজৰ প্ৰতি উৎসাহিত কৰিছে, অৰ্থাৎ ফজৰ আৰু আচৰৰ নামাজৰ প্ৰতি। লগতে সুসংবাদ দিছে যে, যিয়ে জামাত সহক...
জুনদুব বিন আব্দুল্লাহ আল-কাছৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে, তেও...
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে তেওঁ আল্লাহৰ হিফাজতত থাকে, তেওঁৰ জিম্মাত তথা তেওঁৰ সংৰক্ষণত থাকে।...
বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ না...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানি বুজি আচৰৰ নামাজক সঠিক সময়ৰ পৰা পলম কৰিবলৈ সতৰ্ক কৰিছে, লগতে কৈছে যে, যিয়ে এনেকুৱা কৰে তাৰ আমল ব্যৰ্থ হ...
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যদি কোনোবাই ফৰজ নামাজ পঢ়িবলৈ পাহৰি যায় আৰু ইপিনে নামাজৰ সময় পাৰ হৈ যায় তেন্তে সেই...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলৰ বিষয়ে সংবাদ দিছে যে, সিহঁতে নামাজত উপস্থিত হোৱাৰ ক্ষেত্ৰত অৱহেলা কৰে, বিশেষকৈ ঈশ্বা আৰু ফজৰৰ না...

আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে দুই শীতল নামাজ (ফজৰ আৰু আচৰ) আদায় কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।"

জুনদুব বিন আব্দুল্লাহ আল-কাছৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে, তেওঁ আল্লাহৰ জিম্মাত থাকে। এতেকে (এনেকুৱা কাম কৰা যাতে) আল্লাহে তেওঁৰ জিম্মাত থকা অৱস্থাত কোনো বিষয় সম্পৰ্কে তোমাৰ বিপক্ষে বাদী নহয়। কাৰণ তেওঁ যাৰ বিপক্ষে নিজৰ দায়িত্বৰ কোনো বিষয়ে বাদী হয়, তাক (নিশ্চিতভাৱে) কৰায়ত্ত কৰিব। ইয়াৰ পিছত তাক নাক চোঁচৰাই জাহান্নামত নিক্ষেপ কৰিব।”

বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।"

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।" (কিয়নো আল্লাহে কৈছে) "আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা"। (ছুৰা ত্বাহাঃ ১৪)

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।

ইবনে আবি আওফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ, আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" (অৰ্থঃ আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তোমাৰেই, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী পৰিপূৰ্ণ। ইয়াৰ বাহিৰেও তুমি যি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ।)

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।"

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।

হিত্তান বিন আব্দুল্লাহ আৰ-ৰাক্বাশ্বীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ আবু মুছা আল-আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে নামাজ পঢ়িলোঁ। তেওঁ যেতিয়া তাশ্বাহহুদত বহিল, জামাআতত থকা কোনোবা এজনে ক'লে যে, নেকী আৰু জাকাতৰ সৈতে নামাজ ফৰজ কৰা হৈছে। বৰ্ণনাকাৰীয়ে কৈছেঃ আবু মুছাই নামাজ শেষ কৰি লোকসকলক উদ্দেশ্য কৰি সুধিলে, তোমালোকৰ মাজৰ কোনে এই কথা ক'লে? সকলোৱে নিৰৱ হৈ থাকিল, তেওঁ আকৌ সুধিলেঃ তোমালোকৰ মাজৰ কোনে এই কথা ক'লে? পুনৰ সকলোৱে নিৰৱ হৈ থাকিল। ইয়াৰ পিছত তেওঁ ক'লেঃ হে হিত্তান! সম্ভৱতঃ তুমিয়ে এই কথা কৈছা। হিত্তানে ক'লেঃ মই কোৱা নাই। কিন্তু তথাপিও মই ভয় কৰিছিলোঁ, আপুনি মোৰ ওপৰতে খং কৰিব নেকি। তেনেতে এজনে থিয় হৈ ক'লেঃ মই কৈছোঁ, মই ইয়াৰ দ্বাৰা কোনো বেয়া ভাৱ প্ৰকাশ কৰা নাছিলোঁ, কল্যাণহে কামনা কৰিছোঁ। তেতিয়া আবু মুছাই ক'লেঃ নামাজত কি ক'ব লাগে সেয়া তোমালোকে নাজানা নেকি? নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ সন্মুখত ভাষণ প্ৰদান কৰি নিয়মকানূনসমূহ স্পষ্টভাৱে শিকাইছিল তথা নামাজৰ শিক্ষা দিছিল। তেখেতে কৈছিলঃ যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইমামে যেতিয়া তাকবীৰ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা। আৰু যেতিয়া ইমামে {غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ} [الفاتحة: 7] ক'ব, তেতিয়া তোমালোকে আমীন ক'বা। আল্লাহে তোমালোকৰ আহ্বানত সঁহাৰি দিব। যেতিয়া ইমামে তাকবীৰ দি ৰূকু কৰিব, তেতিয়া তোমালোকেও তাকবীৰ দি ৰূকু কৰিবা। কাৰণ ইমামে তোমালোকৰ আগত ৰূকুত যাব আৰু তোমালোকৰ আগতে ৰূকুৰ পৰা উঠিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এইটো হৈছে সেইটোৰ বিনিময়ত, অৰ্থাৎ ইমামে আগত ৰূকুত গৈছে সেয়ে আগতে উঠিব। এইদৰে তেওঁ যেতিয়া ছামি আল্লাহু লিমান হামিদাহ ক'ব, তেতিয়া তোমালোকে ক'বাঃ আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ। আল্লাহে তোমালোকৰ কথা নিশ্চয় শুনিব। কিয়নো মহান আল্লাহে তেওঁৰ নবীৰ মুখেৰে কোৱাইছে যে, আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰ কৈ ছাজদাহ কৰিব তেতিয়া তোমালোকেও তাকবীৰ পাঠ কৰি ছাজদাহ কৰিবা। লগতে শুনা, ইমামে তোমালোকৰ আগত ছাজদাত যাব আৰু তোমালোকৰ আগতে ছাজদাৰ পৰা উঠিব। কাৰণ তেওঁ আগত গৈছে সেয়ে আগতে উঠিব। এইদৰে তাশ্বাহহুদত প্ৰথমে তোমালোকে এইটো পাঠ কৰিবাঃ আত্তাহিয়্যাতু আত-তায়্যিবাতু আচ্ছালাৱাতু লিল্লাহ, আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ। আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ চলিহীন। আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহ।

ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল। (তাশ্বাহহুদৰ শব্দবোৰ হৈছেঃ) «التَّحِيَّاتُ لِلَّهِ، وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ» ‎("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান ‎নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ‎ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না ‎মুহাম্মাদান আব্দুহু অৰাছুলুহ।"‎ বুখাৰী আৰু মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "নিশ্চয় আল্লাহেই হৈছে শান্তিৰ উৎস। সেয়ে যেতিয়া তোমালোকে তাশ্বাহহুদত বহিবা তেতিয়া এই দুআ পাঠ কৰিবাঃ التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِينَ، ("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান ‎নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ‎ইবাদিল্লাহিচ্ছলিহীন,) যেতিয়া এই বাক্য ক'ব তেতিয়া ইয়াৰ ভিতৰত আকাশ আৰু পৃথিৱীৰ সকলো নেক বান্দাকেই অন্তৰ্ভুক্ত কৰা হ'ব। (ইয়াৰ পিছত ক'ব) أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না ‎মুহাম্মাদান আব্দুহু অৰাছুলুহ। ইয়াৰ পিছত তেওঁ নিজৰ ইচ্ছা মতে যি ইচ্ছা সেইটোৱে দুআ কৰিব পাৰে।"

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ দুআ কৰি কৈছিলঃ " হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা।" মুছলিমৰ এটা বৰ্ণনাত এইদৰে আছে যে, "যেতিয়া তোমালোকে শেষ তাশ্বাহহুদ সম্পন্ন কৰিবা, তেতিয়া চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা। জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ আজাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা আৰু মছীহ দাজ্জালৰ অনিষ্টৰ পৰা।"

মা'দান বিন আবি ত্বালহা আল-য়া'মাৰিৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আযাদকৃত দাস ছাওবানৰ সৈতে সাক্ষাৎ কৰিলোঁ। মই ক'লোঁঃ মোক এনেকুৱা এটা আমল সম্পৰ্কে জনাওক, যিটো কৰিলে আল্লাহে মোক জান্নাতত প্ৰৱেশ কৰাব। অথবা তেওঁ কৈছিল যে, মই ক'লোঁঃ আল্লাহৰ দৃষ্টিত সৰ্বাধিক উত্তম আমল কোনটো? কিন্তু তেওঁ উত্তৰ নিদিলে। মই আকৌ সুধিলোঁ, তথাপিও তেওঁ একো নক'লে। ইয়াৰ পিছত মই তৃতীয়বাৰ সুধিলোঁ, তেতিয়া তেওঁ ক'লেঃ ময়ো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলোঁ, তেখেতে কৈছিলঃ "তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।" মা'দানে কৈছেঃ ইয়াৰ পিছত মই আবু দাৰদাৰ সৈতে সাক্ষাৎ কৰিলোঁ, তেখেতকো সেই একেই প্ৰশ্ন কৰিলোঁ, আৰু তেখেতেও সেই একেই উত্তৰ দিলে যিটো ছাওবানে দিছিল।