- হাদীছটোত ফজৰ আৰু আচৰৰ নামাজ নিয়মিত আদায় কৰাৰ ফজীলত বৰ্ণিত হৈছে। কাৰণ ফজৰৰ নামাজ আদায় কৰা হয় সুখদায়ক টোপনিৰ সময়ত। আনহাতে আচৰৰ নামাজ পঢ়া হয় মানুহৰ ব্যস্ততাৰ সময়ত। গতিকে এই দুটা নামাজ নিয়মিতভাৱে সঠিক সময়ত যিয়ে আদায় কৰিব, তাৰ বাবে নিশ্চয় অন্যান্য নামাজ নিয়মিতভাৱে আদায় কৰাটো অতি সহজ।
- ফজৰ আৰু আচৰৰ নামাজক দুই শীতল নামাজ বুলি এই কাৰণে কোৱা হৈছে, কাৰণ ফজৰৰ সময়ত ৰাতিৰ ঠাণ্ডা থাকে, আৰু আচৰৰ সময়ত দিনৰ ঠাণ্ডা, যদিও গৰম দিনতে নহওক কিয়, কাৰণ গৰম দিনত দুপৰীয়াৰ তুলনাত আচৰৰ সময়ত গৰমৰ পৰিমাণ কম থাকে। অথবা বেছি ব্যৱহাৰ হোৱাৰ কাৰণে একে নামেৰে নামকৰণ কৰা হৈছে, যেনে- সূৰ্য্য আৰু চন্দ্ৰক একেলগে আল-ক্বামাৰান বুলি কোৱা হয়।