- মছজিদত হোৱা জামাতৰ নামাজৰ পৰা পিছুৱাই থকাৰ ভয়াৱহতা।
- মুনাফিকসকলে সিহঁতৰ ইবাদতৰ দ্বাৰা কেৱল লৌকিকতা আৰু প্ৰসিদ্ধতা কামনা কৰে। কাৰণ, সিহঁতে তেতিয়াই চালাতত উপস্থিত হয় যেতিয়া মানুহৰ সমাগম বেছি থাকে।
- ঈশ্বা আৰু ফজৰৰ চালাত জামাতত আদায় কৰাৰ ছোৱাব অপৰিসীম। এই দুই চালাতত উপস্থিত হ’বলৈ চুঁচৰি হ'লেও যোৱা উচিত।
- নিফাকৰ পৰা ৰক্ষা পাবলৈ ঈশ্বা আৰু ফজৰৰ নামাজক হিফাজত কৰা (নিয়মিতভাৱে পঢ়া) উচিত। কাৰণ এই দুই নামাজৰ পৰা পিছুৱাই থকাটো হৈছে মুনাফিকৰ বৈশিষ্ট্য।