বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মুছলিম আৰু অন্যান্য লোক যেনে- কাফিৰ মুনাফিক আদিৰ মাজত যি প্ৰতিশ্ৰুতি আছে সেইটো হৈছে নামাজ।...
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰজ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে যে, নামাজ পৰিত্যাগ কৰাটো হৈছে শ্বিৰ্ক আৰু কুফৰী কৰাৰ দ...
ছালিম বিন আবিল জাআদৰ পৰা বৰ্ণিত, এজনে ক'লে যে, হায়! মই যদি নামাজ পঢ়িলোঁহেঁতেন তেন্তে আৰাম অনুভৱ কৰিলোঁহেঁতেন। উপস্থিত লোকসকলে বিষয়টোক যেনিবা বেয়া বুল...
চাহাবাসকলৰ মাজৰ কোনো এজন চাহাবীয়ে ক'লে যে, নামাজ পঢ়িলে কিজানি শান্তি অনুভৱ কৰিলোঁহেঁতেন। তেওঁৰ ওচৰে পাঁজৰে থকা লোকসকলে বিষয়টোক বেয়া অনুভৱ কৰিলে। তেতি...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে কিৰা...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে ছুৰা আল-ফাতিহা পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। সেইখিনি সময়ত তেখ...
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আৰম্ভ কৰিছিল, তেতিয়া তেখেতে উভয় হাত কান্ধ পৰ্যন্ত উ...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চালাতৰ তিনিটা স্থানত হাত উত্তোলন কৰিছিল, কান্ধ পৰ্যন্ত অথবা কান্ধৰ ওপৰলৈকে। ঘাৰৰ কাষত থকা হাড় তথা বাহুৰ সংযোগস্থলক...

বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"

ছালিম বিন আবিল জাআদৰ পৰা বৰ্ণিত, এজনে ক'লে যে, হায়! মই যদি নামাজ পঢ়িলোঁহেঁতেন তেন্তে আৰাম অনুভৱ কৰিলোঁহেঁতেন। উপস্থিত লোকসকলে বিষয়টোক যেনিবা বেয়া বুলি ভাবিলে। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে কিৰাআত পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ প্ৰতি কুৰবান হওক, তাকবীৰ আৰু কিৰাআতৰ মাজত যিখিনি সময় আপুনি মৌন হৈ থাকে, সেইখিনি সময়ত আপুনি কি পাঠ কৰে? তেখেতে ক'লেঃ "মই এইটো পাঠ কৰোঁঃ আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।"

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আৰম্ভ কৰিছিল, তেতিয়া তেখেতে উভয় হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিছিল। এইদৰে যেতিয়া ৰূকুৰ বাবে তাকবীৰ দিছিল আৰু ৰূকুৰ পৰা মূৰ তুলিছিল তেতিয়াও সেইদৰেই হাত উত্তোলন কৰিছিল। লগতে তেখেতে কৈছিলঃ "ছামিআল্লাহু লিমান হামিদাহ, ৰাব্বানা অলাকাল হাম্দ।" কিন্তু ছাজদাৰ সময়ত তেখেতে ৰাফউল য়াদাইন (হাত উত্তোলন) কৰা নাছিল।

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।"

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে আৰু তেখেতৰ লগত আৰু এজন ব্যক্তিয়ে প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে নামাজ পঢ়ি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে ছালামৰ উত্তৰ দি ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" সেই ব্যক্তিজন উভতি গৈ পুনৰ আগৰ দৰে নামাজ পঢ়িলে। ইয়াৰ পিছত আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে আকৌ ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" এনেকৈ তিনিবাৰ পুনৰাবৃত্তি হোৱাৰ পিছত, ব্যক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, মই ইয়াতকৈ আৰু অধিক সুন্দৰভাৱে পঢ়িব নোৱাৰোঁ। এতেকে আপুনিয়ে মোক শিকাই দিয়ক। তেতিয়া তেখেতে ক'লেঃ "যেতিয়া তুমি নামাজত থিয় হ'বা তেতিয়া তাকবীৰ দিবা। ইয়াৰ পিছত নিজৰ সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ৰূকু কৰিবা আৰু ধীৰস্থিৰভাৱে ৰূকু কৰিবা। ইয়াৰ পিছত ৰূকুৰ পৰা মূৰ তুলি পৰিপূৰ্ণৰূপে পোনহৈ থিয় দিবা। তাৰ পিছত ছাজদাহ কৰিবা আৰু শান্ত হৈ ধীৰ স্থিৰভাৱে ছাজদাহ কৰিবা। তাৰ পিছত ছাজদাৰ পৰা মূৰ তুলি শান্তহৈ বহিবা। এইদৰে তুমি সম্পূৰ্ণ নামাজতে কৰিবা।"

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰমাজান মাহৰ চালাত বা আন কোনো মাহৰ চালাত ফৰজ হওক বা বেলেগ কোনো চালাত, প্ৰত্যেক চালাততে তেওঁ তাকবীৰ দিছিল। প্ৰথমে থিয় হোৱাৰ সময়ত তাকবীৰ দিছিল। ইয়াৰ পিছত ৰুকু কৰাৰ সময়ত তাকবীৰ দিছিল। (আকৌ ৰুকুৰ পৰা উঠোঁতে) ছামি আল্লাহু লিমান হামিদাহ কৈছিল। ইয়াৰ পিছত ৰুকুত যোৱাৰ আগতেই ৰাব্বানা অলাকাল হাম্দ পাঠ কৰিছিল। ইয়াৰ পিছত আল্লাহু আকবাৰ কৈ ছাজদাহ কৰিছিল। আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। পুনৰ ছাজদাহ কৰোঁতে আল্লাহু আকবাৰ কৈছিল, আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। দুই ৰাকাত শেষ কৰি বৈঠকৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠিবলৈও আল্লাহু আকবাৰ কৈছিল। এইদৰেই তেওঁ চালাত শেষ নোহোৱালৈকে প্ৰত্যেক ৰাকাততে তাকবীৰ দিছিল। চালাত শেষ কৰি তেওঁ কৈছিলঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।

আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোক সাতডাল হাড়ৰ (অংগৰ) দ্বাৰা ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কপাল আৰু তেখেতে হাতৰ দ্বাৰা ইংগিত কৰি নাক কপালৰ অন্তর্ভুক্ত বুলি কৈছিল। দুই হাত, দুই আঠু আৰু দুয়ো ভৰিৰ আঙুলিসমূহৰ ওপৰত। আমি চুলি আৰু কাপোৰ কোঁচাই লোৱা নাছিলোঁ।"

আবু উমামাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আমৰ বিন আবাছা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছ বৰ্ণনা কৰিছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।"

জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেখেতে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক’লে, “নিশ্চয় শীঘ্ৰেই তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা, যিদৰে তোমালোকে এই চন্দ্ৰটোক দেখি আছা, তেওঁক দেখিবলৈ তোমালোকৰ কোনো ভীৰ কৰিবলগীয়া নহ’ব। এতেকে যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ পৰা) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা”। ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে, অৰ্থঃ “আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত।”

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ দুই ৰাকাত ছুন্নত নামাজত (ক্বুল ইয়া আয়্যুহাল কাফিৰূন) আৰু (ক্বুল হুৱাল্লাহু আহাদ) পাঠ কৰিছিল।