- নামাজত সাতটা অংগৰ ওপৰত ভৰ কৰি ছাজদাহ কৰা অনিবাৰ্য।
- নামাজত থকা অৱস্থাত চুলি আৰু কাপোৰ কানি কোঁচাই লোৱা অপছন্দনীয়।
- মুচল্লীয়ে চালাতত ধীৰ স্থিৰতা বজায় ৰখা ওৱাজিব। শৰীৰৰ সাতটা অংগ মাটিত ৰাখি ধীৰ স্থিৰভাৱে চৰীয়তসন্মত দুআসমূহ পাঠ কৰা উচিত।
- কেৱল পুৰুষসকলকহে চুলি বান্ধি ৰাখিবলৈ নিষেধ কৰা হৈছে, নাৰীসকলক নহয়, কাৰণ নাৰীসকলক নামাজত পৰ্দাৰ হুকুম দিয়া হৈছে।