- ফজৰৰ ছুন্নতত ছুৰা ফাতিহাৰ পিছত এই দুটা ছুৰা পাঠ কৰা মুস্তাহাব।
- এই ছুৰা দুটাক "ছুৰা আল-ইখলাচ" বুলি কোৱা হয়, কাৰণ ছুৰা আল-কাফিৰূনত সেই সকলোবোৰ বাতিল উপাস্যৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰা হৈছে, যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে পূজা পাঠ কৰে, লগতে সিহঁতে আল্লাহৰ প্ৰকৃত উপাসক নহয়, সেয়ে সিহঁতৰ শ্বিৰ্কে সিহঁতৰ সকলো আমল ধ্বংস কৰিব। একমাত্ৰ আল্লাহেই হৈছে উপাসনাৰ যোগ্য। এইদৰে ছুৰা আল-ইখলাচত আল্লাহৰ তাওহীদ (একত্ববাদ) আৰু নিৰ্ভেজালভাৱে তেওঁৰ উপাসনাৰ বৰ্ণনা আছে, লগতে আল্লাহৰ চিফাত তথা গুণসমূহৰো বিৱৰণ দিয়া হৈছে।